নগাঁওঃ সমগ্র ৰাজ্যতে যোৱা এমাহ ধৰি হোৱা নেৰানেপেৰা বৰষুণ আৰু বানৰ ফলত ধন-জন, খেতি-পথাৰ বিনষ্ট হোৱাৰ দৰে নগাঁও জিলাৰ পশ্চিমাঞ্চলটো অতিৰিক্ত বৃষ্টিপাতৰ ফলত হোৱা কৃত্ৰিম বানত শ শ হেক্টৰ পাচলি খেতি বিনষ্ট হৈছে৷ ফলত মুৰে কপালে হাত দিছে কৃষকসকলে৷
পশ্চিম নগাঁৱৰ ডুমডুমীয়া, ধিং আৰু বটদ্ৰৱাৰ শাক পাচলিৰ বজাৰ কেইখন জিলাখনৰ ভিতৰতে বৃহত্তম পাইকাৰী বজাৰ হিচাপে পৰিচিত৷ বিগত এমাহ ধৰি হোৱা ধাৰাষাৰ বৰষুণত পাচলি খেতি বিনষ্ট হোৱাত চাহিদা অনুসৰি পাচলিৰ যথেষ্ট নাটনি হোৱা দেখা গৈছে।
ফলত গ্ৰাহকসকলৰ চাহিদা অনুসৰি বজাৰত পাচলিৰ আমদানি হ্রাস পোৱাত পাচলিৰ অভিলেখ সংখ্যক মূল্যবৃদ্ধি হ’ব ধৰিছে আৰু সৰ্বসাধাৰণ ৰাইজে পাচলি ক্রয় কৰিবলৈ আহি ত্রাহি মধুসূধন সোঁৱৰিবলগীয়াত পৰিছে৷ পশ্চিম নগাঁৱৰ কৃষকসকলে ধান, মৰাপাট, সৰিয়হৰ উপৰিও হাড়ভগা পৰিশ্ৰমেৰে শীত আৰু জহকালীন প্রতিবিধ শাক-পাচলি উৎপাদন কৰি স্থানীয় ৰাইজৰ লগতে চহৰাঞ্চলত প্রয়োজন পূৰণ কৰি আহিছে।
জিলাখনৰ ডুমডুমীয়া, আলিটাঙনী, ধিং, বালিসত্র, কদমনি, জাজৰি, কুঁজি, দলংঘাট, বটদ্রৱা, টুকটুকী, ভোমোৰাগুৰি আদি অঞ্চলৰ উপৰিও চৰ-চাপৰি অঞ্চলৰ কৃষক সকলেও বিভিন্ন ধৰনৰ শাক পাচলি উৎপাদন কৰি ৰাইজৰ দৈনন্দিন জীৱনৰ প্রয়োজন পূৰণ কৰাৰ ক্ষেত্রত যথেষ্ট অৰিহণা যোগাই আহিছে। আনকি উক্ত অঞ্চলবোৰৰ পৰাই দৈনিক প্রায় দহ ট্রাক শাক পাচলি উজনি অসমৰ শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া, ডিব্রুগড়, গোলাঘাট আদি জিলালৈ সৰবৰাহ কৰি থকা হৈছে৷ কিন্তু কৃষকসকলে উচ্চ হাৰত উন্নত মানৰ বীজ ক্রয় কৰা, বিভিন্ন ধৰনৰ ৰাসায়নিক সাৰ, কীটনাশক ক্রয় কৰি বহু কষ্টৰে কৃষিকাৰ্য সম্পাদন কৰি আহিছে৷
জিলাখনৰ ডুমডুমীয়া বালিসত্ৰ অৰ্ধ সাপ্তাহিক বজাৰ, জুৰীয়া বজাৰ, শান্তিজান বজাৰকে ধৰি বড়ি বজাৰ, কদমনি বজাৰ, ধূপগুৰি, বেবেজীয়া, দলংঘাট, ফুলগুৰি, ৰাইদঙীয়া, খালৈগাঁও, শিঙাৰী, আলিটাঙনী চাৰিআলিৰ সাপ্তাহিক আৰু দৈনিক বজাৰ সমূহত কেঁচা শাক-পাচলিৰ অস্বাভাৱিক মূল্য বৃদ্ধিৰ পিছতো চৰকাৰৰ যোগান বিভাগে নিৰৱ ভূমিকা পালন কৰাত এক প্রকাৰ দিশহাৰা হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ।
উল্লেখ্য যে, বানপানীৰ অজুহাত দেখুওৱাই আৰু যোগান বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ গ্রহন কৰি একাংশ অসাধু ব্যৱসায়ীয়ে বিগত কিছু দিনতে প্রতিবিধ পাচলিৰ দৰ চৰম মইমতালিৰে আকাশলংঘী কৰি তুলিছে৷
বৰ্তমান প্ৰতিকিলো জলকীয়া ২০০ টকা, বিলাহী ৭০ টকা, বেঙেনা ৫৫ টকা, পটল ৬০ টকা, জিকা ৫০ টকা, লেছেৰি ৬৫ টকা, পিয়াজ ৪৫ টকা, ভাতকেৰেলা ৫০ টকা, টিয়হ ৪০ টকা, আদা ২০০ টকা, ভোল ৪০ টকা, ভেন্দি ৬৫ টকা ত পাচলিৰ মূল্য নিজেই নিৰ্ধাৰণ কৰি অসাধু ব্যৱসায়ীসকলে বজাৰ সমূহত বিক্ৰী কৰি আহিছে।
ফলত দুখীয়া ৰাইজে বজাৰলৈ গৈ শাক-পাচলিৰ অভাৱনীয় মূল্য বৃদ্ধিৰ ফলত পাচলি ক্রয় কৰাত নানান সমস্যাৰ সন্মুখীন হ’ব লগাত পৰিছে৷ কাজেই, নিজৰ পকেট গধুৰ কৰাৰ অৰ্থে দুখীয়া ৰাইজক হাৰাশাস্তি কৰি অহা এই অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে জিলা যোগান বিভাগে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে দাবী জনাই ভূক্তভোগী ৰাইজে।