Home বাণিজ্যশীতৰ সুযোগ লৈ বিক্ৰেতাই গ্ৰাহকক দিছে ৰাম ঠগন

শীতৰ সুযোগ লৈ বিক্ৰেতাই গ্ৰাহকক দিছে ৰাম ঠগন

by News Desk
A+A-
Reset
d3d2113c-adf5-4e24-8a91-06f80c85bca9

নগাঁওঃ সমগ্ৰ ৰাজ্যতে এতিয়া হিমে ধোৱা শৰতৰ শুভ্ৰ শেৱালী পাহিৰ মিঠা সুৱাসে মনপ্ৰাণ পুলকিত কৰি ৰখাৰ সময়তে আৰম্ভ হৈছে শীতৰ বতৰ৷ গ্ৰীষ্মক বিদায় দি ধৰালৈ শীত নামি অহাৰ লগে লগে ৰাজ্যৰ আন আন ঠাইৰ দৰে নগাঁও জিলাতো থকা বজাৰ-সমাৰ বিভিন্ন ৰকমৰ গৰম সাজ-পোছাকেৰে ভৰি পৰা দেখা গৈছে৷ ঘাইকৈ নগাঁও চহৰৰ বৰবজাৰ, ঢাকাইপট্টি, সৰু বজাৰ, ধিং গেট, হয়বৰগাঁও, ষ্টেডিয়াম মাৰ্কেট, মাৰোৱাৰিপট্টি, মিছন মাৰ্কেট, শইকীয়া মাৰ্কেট, নতুন বজাৰ আদি বাণিজ্য কেন্দ্ৰবোৰত থকা শ্বপিং মল, সৰু-বৰ কাপোৰৰ দোকান তথা বস্ত্ৰ বিপনীসমূহৰ লগতে ফুটপাথত বহা অস্থায়ী দোকান-বজাৰত শেহতীয়া ডিজাইনৰ ন ন ৰং-চঙীয়া গৰম সাজ-পোছাকেৰে উভৈনদী হৈ পৰিছে৷ 

আনকি বিক্ৰেতাসকলে এইবোৰ আটক ধুনীয়াকৈ বিপনীবোৰত সজাই-পৰাই ৰাখি গ্ৰাহকক আকৰ্ষণ কৰাৰ নিমিত্তে অহৰহ চেষ্টা অব্যাহত ৰাখিছে৷ জানিব পৰা মতে, কলকতা, দিল্লী,লুধিয়ানা, ডিমাপুৰ আদি বৰ্হিঃৰাজ্যৰ পৰা লাখ লাখ টকাৰ বিভিন্ন প্ৰকাৰৰ গৰম সাজ-পোছাক বিক্ৰীৰ বাবে আনিছে যদিও একাংশ অসাধু বস্ত্ৰ ব্যৱসায়ীয়ে অধিক মুনাফা লাভৰ উদ্দেশ্যে কাপোৰত থকা প্ৰকৃত মূল্যৰ ষ্টিকাৰ এৰুৱাই তাৰ ঠাইত নিজাববীয়াকৈ ছপা কৰা মূল্যৰ ষ্টিকাৰ লগাই গ্ৰাহকক ৰাম ঠগন দিছে৷ এই অসাধু বস্ত্ৰ ব্যৱসায়ীসকলে প্ৰকৃত মূল্যতকৈ দুই-তিনি গুণ অধিক দৰত গৰম সাজ-পোছাক চৰম মইমতালিৰে বিক্ৰী কৰি আহিছে যদিও গ্ৰাহকক বিক্ৰীৰ কেছমেম’ প্ৰদান নকৰাৰ গুৰুত্বৰ অভিযোগ উঠিছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0