জয়ন্ত মুদৈ,নগাঁও

 

নগাঁওঃ নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত শুকুৰবাৰে ননৈ কমলা নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাগৃহত এখন আইনী স্বাক্ষৰতা সজাগতা সভা অনুষ্টিত হৈ যায়৷ 

নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা তথা অতিৰিক্ত মূখ্য ন্যায়িক দণ্ডাধীশ প্ৰনিতা মৰাঙৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাখনত পেনেল অধিবক্তাৰূপে শ্বেহনাজ চুলতানাই অংশগ্ৰহন কৰাৰ বিপৰীতে সমাজসেৱক তথা সাংবাদিক ঘনকান্ত বৰা, বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্রী লীলাৱতি শইকীয়াৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্রী, জিলা আইন সেৱা প্ৰাধিকাৰীৰ অৰ্ধআইনী সহায়ক পাপুমনি বৰা, দ্বীপেন শইকীয়া সহ প্ৰায় দুই শতাধিক ছাত্রী উপস্থিত থাকে৷

 ইফালে,কামপুৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়টো আজি এখন আইনী স্বাক্ষৰতা পাঠদান শীৰ্ষক সজাগতা সভা অনুষ্টিত কৰা হয়৷ সভাখন সঞ্চালনা কৰে আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰনিতা মৰাঙে৷ শতাধিক ছাত্রী উপস্থিত থকা সভাখনত আইনৰ বিভিন্ন বিষয়ৰ ওপৰত বিস্তৃত ব্যাখ্যা আগবঢ়োৱাৰ লগতে জিলা আইন সেৱা প্ৰাধিকাৰীয়ে বৰ্তমান কৰি অহা বিভিন্ন উন্নয়ন মূলক কাম-কাজসমূহৰ ওপৰত আলোকপাত কৰা হয়৷

বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্রী পম্পী বৰাৰ লগতে অন্যান্য বিষয়ৰ শিক্ষক-শিক্ষযয়িত্রী সকল উপস্থিত থকা সভাখনত পেনেল অধিবক্তা শ্বাহনাজ চুলতানাই বাল্য বিবাহৰ ওপৰত বহল ভাবে ব্যাখ্যা আগবঢ়ায়৷ উল্লেখ্য যে, এই আইনী স্বাক্ষৰতা পাঠদান শীৰ্ষক সজাগতা সভাখনৰ লগত সহযোগিতা কৰি নগাঁৱৰ অগ্ৰনী স্বেচ্ছাসেৱী মহিলা অনুষ্ঠান মহেশ্বৰী মহিলা সমিতিৰ একান্ত প্ৰচেষ্টাত নিজা উদ্যাগত তৈয়াৰ কৰি উলিওৱা একোটিকৈ বিনামূলীয়া পেড্ বনোৱা মেচিন্ বিদ্যালয় কেইখনৰ প্ৰধান শিক্ষয়িত্রী সকলৰ হাতত অৰ্পন কৰে মহেশ্বৰী মহিলা সমিতি স্বেচ্ছাসেৱী অনুষ্ঠানটিৰ বিষয়ববীয়া তথা নগাঁও শেনচোৱাস্থিত ব্যক্তিগত খণ্ডৰ বিদ্যালয় চন্দিপনি বিদ্যা মন্দিৰৰ অধ্যক্ষা অনিতা চাবু আৰু কিৰণ মহেশ্বৰীয়ে৷ 

স্বেচ্ছাসেৱী অনুষ্ঠাটিয়ে বৰ্তমানলৈকে নগাঁও জিলাৰ উপৰি ৰাজ্যৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয় সমূহত বিনামূলীয়াকৈ প্ৰায় ডেৰ শতাধিক পেড্ বনোৱা মেচিন বিতৰন কৰিছে বুলি জানিব পৰা গৈছে৷ বিদ্যালয়-মহাবিদ্যালয় সমূহত যাতে এতিয়াৰে পৰা জৰুৰী সময়ত ছাত্রী সকলে কোনো সংকোচ নকৰাকৈ নিজে এই মেচিনৰ দ্বাৰা মাত্র ৫ টকাতে পেড্ পাব পাৰে সেই উদ্যেশেৰেই এই বিনামূলীয়া পেড্ মেচিন বিদ্যালয় সমূহত যোগান ধৰা হৈছে৷ ইয়াৰ দ্বাৰা গ্ৰামাঞ্চলৰ ভিতৰুৱা বিদ্যালয় সমূহৰ বহু ছাত্রী উপকৃত হব বুলি সভাত ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰনিতা মৰাঙে  উল্লেখ কৰাৰ লগতে মহেশ্বৰী মহিলা সমিতিৰ বিষয়ববীয়া সকলক বিদ্যালয়ত অধ্যয়নৰত ছাত্রী সকলৰ বাবে লোৱা এনে মহান কামৰ শলাগ লয় ৷