গুৱাহাটীঃ ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ আমূল পৰিৱৰ্তনৰ কথা কৈ স্বাস্থ্যখণ্ডত বৈপ্লৱিক উন্নয়ন হোৱা বুলি ঢাক-ঢোল বজাই ফুৰা ক্ষমতাশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগ এতিয়া পৰিণত হৈছে চৰম প্ৰহসনত। তাৰে উদাহৰণ ১৯৮৪ চনতে গুৱাহাটীৰ মহানগৰীত স্থাপন কৰা মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়। 

পূৰ্বৰ তুলনাত চিকিৎসালয়খনত আজি বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা কিন্তু অতি দুৰ্ভাগ্যজনক কথা ৰোগীৰ সংখ্যাৰ বৃদ্ধিৰ পোৱাৰ পাছতো আজি পৰ্যন্ত চৰকাৰী চিকিৎসালয়খনত নাই উন্নত চিকিৎসা ব্যৱস্থা। আনহে নালাগে মহানগৰৰ অধিকাংশ ব্যক্তিৰ বাবে গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতালৰ
পাছতে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হাস্পতালখনত আজিলৈকে হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্যৰ বিভাগে আইচিইউৰ ব্যৱস্থা কৰিব নোৱাৰিলে। 

এই যে হাস্পতালখনত প্ৰতি মাহত চিকিৎসক সকলৰ তৎপৰতা প্ৰায় তিনিশৰো অধিক গুৰুত্বপূৰ্ণ অস্ত্ৰোপচাৰ সম্পূৰ্ণ হয়। কিন্তু দুৰ্ভাগ্যজনক যে আইচিইউ সুবিধা নথকাৰ বাবে বহু সময়ত গুৰুত্বৰ অস্ত্ৰোপচাৰ কৰা ৰোগীক এ এম চি হাস্পতাল কৰ্তৃিপক্ষই গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিবলৈ বাধ্য হয়।

মেডিকেল খনৰ কৰ্তৃিপক্ষই জানিবলৈ দিয়া অনুসৰি ২০০৬ আৰু ২০১৩ চনতে ক্ৰয় কৰা দুটা পুৰণি ছন’গ্ৰাফীৰ মেচিনেৰে আজিও কৰিব লগা হয় ৰোগীৰ স্বাস্থ্যৰ পৰীক্ষা। বৰ্তমান সময়ত ৰোগীৰ অনুপাতে আৰু দুটা ছন’গ্রাফী মেচিন প্ৰয়োজন যদিও এই ক্ষেত্ৰত কোনো সঁহাৰি নাই ৰাজ্যৰ স্বাস্থ্য বিভাগৰ। 

আনহাতে, হাস্পতালৰ কৰ্তিৃপক্ষই জানিবলৈ দিয়া মতে ৯০ দশকতে ক্ৰয় কৰাৰ দুটা এক্সৰে মেচিন বৰ্তমান সময়ত হাস্পতালখনত আছে যদিও তাৰে এটা বিকল হোৱাত এটা এক্সৰে মেচিনেৰে দিনৰ পাছত দিন কৰি যাব লগা হৈছে ৰোগীক এক্সৰে।

হাস্পতালখনলৈ ৰোগীক অনা-নিয়াৰ কৰাৰ বাবে বৰ্তমান সময়ত দুখন ১৫ বছৰো অধিক পুৰণি এম্বুলেন্স আছে যদিও তাৰে এখনহে ব্যৱহাৰ কৰিব পৰা হৈ আছে। অন্যখন আজি দিনত কাৰ্যক্ষম হৈ থকা নাই। হাস্পতালৰ কৰ্তিৃপক্ষই জানিবলৈ দিয়া অনুসৰি তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগক এম্বুলেন্স বিচাৰি বাৰে বাৰে অৱগত কৰি আহিছে যদিও পাছতো আজি পৰ্যন্ত গুৰুত্ব নাই স্বাস্থ্য বিভাগৰ।

লগতে হাস্পতালখনৰ অতিৰিক্ত অধীক্ষক ডঃ মাধৱ চন্দ্ৰ ৰাজবংশীয়ে হিমন্ত বিশ্ব শৰ্মাৰ বিয়াগোম স্বাস্থ্য বিভাগক উদেশ্য কৰি কয় যে "চৰকাৰে হাস্পতালখনৰ ওপৰত ভৰসা ৰাখি সমস্যাবোৰ সমাধান কৰক। লগতে আমাক কেৱল প্ৰয়োজনীয় সুবিধাবোৰ দিয়ক, আমি কাম কৰি দেখুৱাম"।