নলবাৰীঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানা অন্তৰ্গত খাতিকুছিত নলবাৰী জিলা আৰক্ষী প্ৰশাসনৰ সৌজন্যত গাঁওৰক্ষী সংগঠনৰ সহযোগ সোমবাৰে ঘগ্ৰাপাৰৰ খাতিকুছিস্থিত পশ্চিম বনভাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিছাযুক্ত দ্ৰব্য সেৱনৰ ভয়াৱহতা, মানৱ সৰৱৰাহ আৰু এইডচ ৰোগ সংক্ৰমনক সম্পৰ্কীয় এখন সজাগতা সভা অনুষ্ঠিত হৈ যায়।
পশ্চিম বনভাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মঞ্জুৰানী ভূঞাই সঞ্চালনা কৰা সজাগতামুলক সভাৰ উদ্দেশ্য বাখ্যা কৰে ঘগ্ৰাপাৰ থানাৰ চক্ৰ সংগঠক প্ৰদীপ কুমাৰ দাসে। সভাত নলবাৰী জিলাৰ উপ আৰক্ষী অধীক্ষক জুপি বৰদলৈ, খাতিকুছি চি আৰ পি শিবিৰৰ সহঃ অধিনায়ক বিনয় পাল, ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰী, খাতিকুছি আদৰ্শ চিকিৎসালয় স্থাস্থ্য বিষয়া ডাঃ নয়নজ্যোতি মালাকৰ, নলবাৰী গাঁও ৰক্ষী বাহিনীৰ অবৈতনিক উপদেষ্টা ৰজ্ঞিৎ তালুকদাৰ, শিক্ষক দ্বিজেন শৰ্মা আদিয়ে অংশ লয়৷