নতুন দিল্লীঃ বিশ্বকাপত ভাৰত হাতত শোচনীয় পৰাজিত হোৱাৰ পিছৰেপৰা পাকিস্তানৰ দলটোৱে সমালোচনাৰ তথা বিতৰ্কৰ মাজত পৰিছে৷ এফালে যদি দেশখনৰ প্ৰাক্তন ক্ৰিকেটাৰে সমালোচনা কৰিছে, আনফালে আকৌ পাকিস্তানী সমৰ্থকে প্ৰকাশ কৰিছে ক্ষোভ। 

এই ক্ষেত্ৰত পাকিস্তানৰ দলৰ কেপ্তেইন ছৰফৰাজ আহমেদ সোমাই পৰিছে বিতৰ্কৰ মাজলৈ৷

পাকিস্তানৰ অধিনায়ক ছৰফৰাজে ভাৰতৰ বিৰুদ্ধে খেলত হামিয়াই থকা পৰিলক্ষিত হৈছিল। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল ছৰফৰাজৰ এই ভিডিঅ’। 

পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ছোৱেইব আখতাৰে ছৰফৰাজৰ দৰে আনফিট অধিনায়ক ক’তো দেখা নাই বুলি কয়। ছৰফৰাজ মগজু নথকা অধিনায়ক।এই বিষয়ে মিডিয়া যোগে প্ৰকাশ পাইছইল৷

আনহাতে, ভাৰতে পাকিস্তানৰ বিৰুদ্ধে খেলখনত ৮৯ ৰানত জয়লাভ কৰিছিল।

শেহতীয়াকৈ ছৰফৰাজৰ এনে এক মন্তব্য পোহৰলৈ আহিছে, যাৰপৰা অনুমান কৰিব পাৰি যে ভাৰতৰ বিৰুদ্ধে পৰাজিত হোৱাৰ পিছত তেওঁ পাকিস্তানলৈ উভতিবলৈ ভয় কৰিছে। সতীৰ্থ খেলুৱৈসকলৰ সৈতে বাৰ্তালাপত এই মন্তব্য কৰিছে ছৰফৰাজে। দলৰ খেলুৱৈসকলক সকীয়নি দি ছৰফৰাজে কয় যে যদি দলে বিশ্বকাপত শোচনীয় প্ৰদৰ্শন অব্যাহত ৰাখে, তেন্তে মনত ৰখা উচিত যে মই অকলে পাকিস্তানলৈ উভতি নাযাও। দলৰ সকলোৱে মানুহৰ ক্ষোভৰ সন্মুখীন হ’ব লাগিব।