বৰনদ্দীঃ নলবাৰীৰ চিত্ৰশিল্পী সকলৰ ঐক্যবদ্ধ প্ৰচেষ্টাত জন্মলাভ কৰা অনুষ্ঠান "চিত্ৰপটত ৰঙৰ মেলা" শীৰ্ষক অনুষ্ঠানটো আগৰ দৰে এইবাৰো চাৰি দিনীয়া কাৰ্যসূচীৰে দেওবাৰৰপৰা অনুষ্ঠিত হৈছে।  

আই এম এ হাউচ, শান্তিপুৰ নলবাৰীত যোৱা ১৬ ফেব্ৰুৱাৰীৰপৰা অনুষ্ঠি হৈ অহা ১৯ ফেব্ৰুৱাৰীত সামৰণি পৰিব। 

কাৰ্যসূচীত ইতিমধ্যে জিলাখনৰ নবীন-প্ৰবীন চিত্ৰ শিল্পী সকলে ভাগ লৈ এক নান্দনিক পৰিৱেশৰ সৃষ্টি কৰে।

উল্লেখ্য যে, গোটেই কেইদিনত শিল্পীৰ শিল্প কৰ্মসমুহ ৰাইজৰ বাবে প্ৰদৰ্শন আৰু নিলামৰ ব্যবস্থা কৰা হ’ব। কৰ্মশালাৰ ১৯ তাৰিখৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিব অসমৰ এগৰাকী প্ৰবীন চিত্ৰশিল্পী মাননীয় আমিনুল হক দেৱ, তেখেতে ১৯ তাৰিখৰ দিনটোত শিল্পী সকলৰ লগত একেলগে ছবি আকিব বুলি জানিব পৰা গৈছে।