নলবাৰীবাসী ৰাইজে এইকেইদিন জ্বলাকলা খাইছে! নদীত পানী বাঢ়িছে, পানী বাঢ়িছে নলবাৰী চহৰতো। বিগত সময়ৰ ধাৰাসাৰ বৰষুণৰ পিছত কৃত্ৰিম বানত সম্পূৰ্ণৰূপে বুৰ যোৱা নলবাৰীৰ মাজমজিয়াত এতিয়া অচল হৈ পৰিছে স্বাভাৱিক জীৱন। পানীৰ বাবে নলবাৰীবাসীৰ এনে আলৈ-আথানিৰ মাজতে আজি অনুষ্ঠিত হ’ল অসম চৰকাৰৰ ১৪ সংখ্যক বৰ্হিঃৰাজধানী কেবিনেট বৈঠকখন।
বানত বুৰ যোৱা চহৰখনৰ মাজেৰে পাৰ হৈ আজি নলবাৰী জিলা প্ৰশাসনৰ কাৰ্যালয়ত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কেবিনেটৰ আন আন সতীৰ্থ মন্ত্ৰীসকল। এই বৈঠকৰ পিছতে সংবাদমেল সম্বোধন কৰি কেবিনেট বৈঠকত লোৱা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে মুখ্যমন্ত্ৰীয়ে।
বৈঠকৰ পূৰ্বে জিলা প্ৰশাসনৰ কাৰ্যালয় চৌহদত এজোপা ৰুদ্ৰাক্ষ পুলি ৰোপণ কৰি এই কেবিনেট বৈঠকৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী শৰ্মাই। বৈঠকত উপস্থিত থাকে নলবাৰী বিধানসভা সমষ্টিৰ স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, কেশৱ মহন্ত, ৰঞ্জিত দাস, চন্দ্ৰমোহণ পাটোৱাৰী আদি মন্ত্ৰীসকল। লগতে উপস্থিত থাকে বিভিন্ন বিভাগৰ উচ্চ পৰ্যায়ৰ কেইবাগৰাকী বিষয়াও। বৈঠকত মন্দিৰৰ পৰা মথাউৰিলৈকে, শিক্ষাৰ পৰা পৰিবহণলৈকে কেইবাটাও ক্ষেত্ৰক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
পৰিবহণ বিভাগৰ জৰিমনাৰ পৰা শিক্ষক নিযুক্তিলৈ...
মুখ্যমন্ত্ৰীৰ নেতৃত্বত অনুষ্ঠিত এই ১৪ সংখ্যক বহিঃৰাজধানী কেবিনেট বৈঠকত শিক্ষা আৰু শিক্ষক নিযুক্তিক লৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সদৰি কৰে হিমন্ত বিশ্ব শৰ্মাই। সৰ্বশিক্ষাৰ ৩৫ হাজাৰ বিশেষ শিক্ষক পদ সৃষ্টি কৰা হ’ব বুলি জনাই মুখ্যমন্ত্ৰীয়ে কয়, ‘‘সৰ্বশিক্ষা অভিযানত কাম কৰি থকা শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ এটা ব্যৱস্থা চলি আছিল, ৰাজ্যৰ এডভকেট জেনেৰেলে আমাক এটা অপিনিয়ম দিলে, চৰকাৰে কাৰো চাকৰি নিয়মীয়কৰণ কৰিব নোৱাৰো। তাৰ পৰিপ্ৰেক্ষিত শিক্ষকসকলক সকাহ দিবলৈ ৩৫হাজাৰ পদ সৃষ্টি কৰি সৰ্বশিক্ষা অভিযানৰ শিক্ষকৰ বাবে বিশেষ নিযুক্তি কৰিব বিচৰা হৈছে।’’
মুখ্যমন্ত্ৰীয়ে লগতে কয়, ''এই বিশেষ নিযুক্তিত এছ এছ এত কাম কৰি কথা শিক্ষকসকলে আবেদন কৰিব পাৰিব। সৰ্বশিক্ষা অভিযানৰ ৩৫ হাজাৰ শিক্ষক এই নিযুক্তি প্ৰক্ৰিয়াৰ জড়িয়তে আহি চাকৰিত যোগ দিয়াৰ পিছতে সৰ্বশিক্ষা অভিযানৰ পৰা ৩৫ হাজাৰ শিক্ষক পদ বিলুপ্ত হ’ব। অৰ্থাৎ সৰ্বশিক্ষা অভিযানৰ ৩৫ হাজাৰ শিক্ষকে বিশেষ নিযুক্তি পৰীক্ষাত আবেদন কৰিব। আমি নিয়মীয়কৰণ কৰিব নোৱাৰা বাবে শিক্ষকৰ বাবে বিশেষ নিযুক্তিৰ ব্যৱস্থা কৰিছোঁ। ইয়াৰ ফলত সৰ্বশিক্ষা অভিযানৰ প্ৰতিগৰাকী শিক্ষকে চৰকাৰী নিযুক্তি পোৱাৰ সম্ভাৱনা প্ৰকট হ’ব।’’
ইফালে, দুচকীয়া বাহন আৰু তিনিচকীয়া বাহনৰ চলোৱাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ সিদ্ধন্ত গ্ৰহণ কৰে কেবিনেটে। কেবিনেট সিদ্ধান্ত সংবাদ মাধ্যমৰ আগত সদৰী কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় ‘‘দুচকীয়া বাহনৰ আৰোহীৰ পৰা হেলমেটৰ বাহিৰে আন কোনো কাৰণত জৰিমনা ল’ব নোৱাৰিব পৰিবহণ বিভাগে। যদি কাগজ-পত্ৰ নাথাকে, তেন্তে হয়তো সময় দিয়া হ’ব পাৰে কাগজ-পত্ৰ ঠিক কৰি ল’বলৈ, কিন্তু হেলমেটৰ বাহিৰে আন কাৰণত জৰিমনা বিহা নহ’ব। তিনিচকীয়া বাহনৰ ক্ষেত্ৰত চাৰিবাৰতকৈ অধিক নিয়ম ভংগ কৰিলে জৰিমনা ল’ব পাৰিব। চাৰি বাৰলৈ ৱাৰ্ণিং দিব পাৰিব পৰিবহণ বিভাগে। তাৰ পিছতো যদি আইন ভংগ কৰিয়েই থাকে পাঁচ নম্বৰত ল’ব পাৰিব বিহিত ব্যৱস্থা। ইয়াৰ বাবে পৰিবহণ বিভাগক SOP তৈয়াৰ কৰিবলৈ জনোৱা হৈছে।’’
মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘‘বিগত ২-৩ বছৰত এইসমূহ ফাইনৰ পৰা চৰকাৰে ৬-৭ কোটি টকাও লাভ কৰা নাই। এইখিনি টকাৰ বাবে আমি সাধাৰণ দৰিদ্ৰ মানুহখিনিক হাৰাশাস্তি কৰাহে হ’ব।’’ অৱশ্যে সুৰাপান কৰি বাহন চলালে জৰিমনা ভৰিব লাগিব বুলিও স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীয়ে। লগতে তেওঁ এয়াও স্পষ্ট কৰি দিয়ে যে জৰিমনা বিহা নহয় যদিও আইনী ব্যৱস্থা কিন্তু গ্ৰহণ কৰা হ’ব। এই সন্দৰ্ভত অহা ১৫ দিনত পৰিবহণ বিভাগে নতুন এছঅ’পি জাৰি কৰিব।
ইয়াৰ লগতে ৰাজ্যৰ উন্নয়নৰ বাবে আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজ্যিক কেবিনেটে। কৰিমগঞ্জত ৮১ কোটি টকাৰ পানী যোগান আঁচনিৰ অনুমোদন আৰু হাইলাকান্দিতো ৭২ কোটি টকা পানী যোগানৰ বাবে অনুমোদন জনায় কেবিনেটে। লগতে গুৱাহাটীৰ আজাৰৰ বজাৰৰ মাটি অনুমোদন জনায়। তদুপৰি ডিব্ৰুগড়ত ইস্কন মন্দিৰৰ বাবেও ভূমি আবন্টন কৰে কেবিনেটে। বজাৰসমূহৰ পৰা সমুদায় ধন বন্ধ কৰাৰ বাবে মন্ত্ৰী ৰঞ্জিত দাসৰ নেতৃত্বত এখন কমিটীও গঠন কৰা হয়। মুখ্যমন্ত্ৰীয়ে কেবিনেটৰ সিদ্ধান্তৰ কথা সদৰী কৰি কয় যে এতিয়াৰে পৰা বিগত বৰ্ষতকৈ ১০ শতাংশতকৈ বেছি চিলিং ল’ব নোৱাৰিব মহলদাৰে।
নলবাৰীবাসীক কি কি দিলে?
নলবাৰীত অনুষ্ঠিত আজিৰ কেবিনেট বৈঠকত নলবাৰীক লৈয়ো কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই অনুযায়ী জিলাখনৰ ১০০ বছৰ পুৰণি ধৰ্মীয় অনুষ্ঠানলৈ ১২ কোটি টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত অৱগত কৰি কয় যে নলবাৰীৰ ঐতিহাসিক বিল্বেশ্বৰ মন্দিৰ, বালিলেচাৰ কালী মন্দিৰ, বাঘেশ্বৰী মন্দিৰ আৰু হৰি মন্দিৰলৈ ৩ কোটি টকা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
নলবাৰীৰ সৰ্বাংগীন উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে কেবিনেটত সিদ্ধান্ত লোৱা বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে নলবাৰীত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নলবাৰী মেডিকেল কলেজলৈ যাবলৈ এখন নতুন উৰণ সেতু নিৰ্মাণ কৰা হ’ব। একেদৰে বৰক্ষেত্ৰীত এখন মহাবিদ্যালয় নিৰ্মাণ কৰা হ’ব। আনহাতে নলবাৰীৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ত বিজ্ঞান শাখা আৰম্ভ হ’ব বুলিও জানিবলৈ দিয়ে হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰীয়ে কয় যে নলবাৰীত ১৯ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হ’ব। মৰা পাগলাদিয়া আৰু টিহুত নিৰ্মাণ কৰা হ’ব ১৬ কিলোমিটাৰ মথাউৰি। একেদৰে বৰক্ষেত্ৰীত ৩ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হ’ব। ইয়াৰোপৰি নলবাৰীত এখন আটক ধুনীয়া ষ্টেডিয়াম আৰু ধমধমাত স্কীল চেণ্টাৰ নিৰ্মাণত কেবিনেটে অনুমোদন জনাইছে বুলিও প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ লগতে কয় যে কেবিনেট বৈঠকত নলবাৰী জিলাৰ আৱৰ্ত ভৱনটোৰ পুনৰ্নিৰ্মাণ আৰু এটা কনভেনচন চেণ্টাৰ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
নলবাৰীত কি কি খালে মন্ত্ৰীগণে?
কেবিনেট বৈঠক মানেই ব্যস্ততা। বানত বুৰ যোৱা চহৰখনলৈ এটা দিনৰ বাবে যেন আজি নামি আহিল আবতৰীয়া উথপথপ। মুখ্যমন্ত্ৰীৰ নেতৃত্বত দিছপুৰৰ বাহিৰত অনুষ্ঠিত হোৱা চতুৰ্থদশখন কেবিনট বৈঠকৰ পূৰ্বে সাজু হৈ পৰে নলবাৰী জিলা প্ৰশাসন। একপ্ৰকাৰ নলবাৰীক আছি মিনি দিছপুৰলৈ পৰিণত কৰি বৈঠকত অংশগ্ৰহণ কৰা মুখ্যমন্ত্ৰী-মন্ত্ৰীৰ অভ্যৰ্থনাত ব্যস্ত হৈ পৰে নলবাৰী প্ৰশাসন। উল্লেখ্য যে, পূৰ্বে এই কেবিনেট বৈঠকখন ২৬ জুনত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও অম্বুবাচীৰ মেলাৰ শেষৰটো দিন হোৱা হেতুকে নিৰ্ধাৰিত তাৰিখ বাতিল কৰি আজি বৈঠকখন অনুষ্ঠিত কৰা হয়।
ইফালে, সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, নলবাৰীৰ এই কেবিনেট বৈঠকত ভাগ লোৱা মুখ্যমন্ত্ৰী, মন্ত্ৰী আৰু বিষয়াসকলৰ বাবে বিধে বিধে সুস্বাদু খাদ্য সম্ভাৰৰ ব্যৱস্থা কৰা হয়। ছাগলী মাংসৰ পৰা কাৱৈ মাছলৈ বিভিন্ন আমিষ আৰু নিৰামিষ ভোজনেৰে অপ্যায়ন কৰা হয় দিনটোৰ বিশেষ অতিথিসকল।
বাতৰি অনুসৰি, আজি মুখ্যমন্ত্ৰী, মন্ত্ৰী আৰু আন আন উচ্চ পদস্থ বিষয়াসকলৰ বাবে নলবাৰীত আয়োজন কৰা খাদ্য সম্ভাৰৰ ভিতৰত আছিল প্লেইন ৰাইচ, জিৰা ৰাইছ, পোলাও, ছাগলীৰ মাংস, কাৱৈ আৰু মাগুৰ মাছৰ বিশেষ আঞ্জা, মিছা মাছ ভাজি, আদা দিয়া সৰু মাছ, আৰি, ভকুৱা, বৰালি মাছৰ টেঙাৰ আঞ্জা, খাহীৰ তেলৰে মাহৰ দাইল, মিক্সড ডাইল, তৰকাৰী, কলদিল ভাজি, চিকেন চুপ বইল, ঢেঁকীয়া ভাজি, কল পছলা, সৰু আলু ভাজি, বৰা ভাজি, আলু পিটিকা, পদিনা চাটনি, তিল চাটনি, অমিতা খাৰ, চালাদ, মিঠা দৈ আৰু গোলাপ জামুন।
নাৱত বহি পাতিব লাগিছিল কেবিনেট বৈঠক!
নলবাৰীত অনুষ্ঠিত হোৱা আজিৰ কেবিনেট বৈঠকক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধীয়ে। বাৰে বাৰে দিছপুৰৰ বাহিৰত বৈঠক অনুষ্ঠিত কৰি ৰাজকোষৰ ধনৰ শৰাধ কৰা বুলি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে উত্থাপিত হৈ অহা অভিযোগৰ মাজতে আজিৰ বৈঠকখন নাও বা জাহাজৰ ওপৰতহে অনুষ্ঠিত কৰিব লাগিছিল বুলি তীৰ্যক প্ৰতিক্ৰিয়া ব্যক্ত কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে।
সংবাদ মাধ্যমৰ সন্মুখত নলবাৰীৰ ১৪ সংখ্যক বহিঃৰাজধানী বৈঠক সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি অখিল গগৈয়ে কয়, ''অসম চৰকাৰে নলবাৰীত পতা কেবিনেট বৈঠকখন নাও বা জাহাজৰ ওপৰত পাতিব লাগে। কাৰণ বাৰাম্বাৰ দেখি আহিছো যে নলবাৰীৰ টাউনখন পৰ্যন্ত বানত বুৰ গৈছে। যোৱা ১৬ তাৰিখৰ পৰা ১৯ তাৰিখলৈ নলবাৰীত একঁকাল পৰ্যন্ত পানী হৈছে। তাৰোপৰি নলবাৰীত ইফালৰ পৰা সিফাললৈকে সকলোফালে বানপানীয়ে বিপজ্জনক ৰূপ লৈছে। আমি ভালে পাইছো বৈঠকখন নলবাৰীত পাতিব লৈছে। কিন্তু এই বৈঠকখন নাওৰ ওপৰত পাতিব লাগে আৰু কৃত্ৰিম বানপানী আৰু নলবাৰীৰ বিভিন্ন এলেকাত হোৱা খহনীয়া আৰু বানৰ পৰা নলবাৰীবাসীক বচাব পাৰি সেই সিদ্ধান্ত ল’ব লাগে।’’
জেঠ-আহাৰমহীয়া বান আৰু ভূমিস্খলনত এতিয়ালৈকে ৩৯ জন লোকৰ প্ৰাণহানি হৈছে বুলি উল্লেখ কৰি অখিল গগৈয়ে লগতে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন বানমুক্ত অসম গঢ়াত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। জেঠ-আহাৰ মাহৰ সামান্য পানীতে যদি ৩৯ জন লোকে মৃত্যুবৰণ কৰিবলগীয়া হয়, তেন্তে এখন চৰকাৰ শাসনত থকাৰ কোনো নৈতিক অধিকাৰ নাথাকে বুলিও মন্তব্য কৰে অখিল গগৈয়ে।
এই বৈঠকখন কেৱল বানমুক্ত অসমৰ ওপৰত অনুষ্ঠিত হ’ব লাগিছিল বুলি মন্তব্য কৰি অখিল গগৈয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বানমুক্ত অসম গঢ়াৰ বাবে ৫০ টা পুখুৰী খন্দাৰ কথা কোৱা প্ৰসংগটোও উল্লেখ কৰে। তেওঁ কয়, ''কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে যে কৈছিল যে ৫০ টা পুখুৰী খান্দি দিলেও অসম বানমুক্ত হৈ পৰিব, কেবিনেট বৈঠকত এই কথাত অনুমোদন জনাব লাগে আৰু ৫০ টা পুখুৰী খান্দি দিব লাগে।’’ অসমৰ বান সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কৰা উদ্ভট মন্তব্যই কেন্দ্ৰীয় চৰকাৰৰ অসমৰ প্ৰতি থকা অগভীৰ দৃষ্টিভংগীকে প্ৰকাশ কৰিছে বুলিও মন্তব্য কৰে অখিল গগৈয়ে।