নলবাৰীঃ নলবাৰী জিলাৰ বালিতাৰা গাঁৱত নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰ অাৰু মীন মহাবিদ্যালয়, ৰহাৰ উদ্যোগত অাজি এটা গ্ৰাম্য মৎস্য তথ্য কেন্দ্ৰ মুকলি কৰা হয়। কেন্দ্ৰটো উদ্বোধন কৰে নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক ডঃ মৃদুল ডেকাই। অনুষ্ঠানত মীন উন্নয়ন বিষয়া বিৰাজ বিকাশ শৰ্মা, কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয় অংকুৰ ৰাজবংশী, ৰহা মীন মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰী ক্ৰমে ৰিতুপৰ্ণ বৰা, হাবিৱা জাহান, মুজাম্মিল হক, নিকিমনি বৰা, গায়ত্ৰী চানু, লালৰাম নুনচাংগাৰ লগতে বালিতাৰা গাঁৱৰ ভালে সংখ্যক মীন পালক উপস্থিত থাকে। উক্ত মীন তথ্য কেন্দ্ৰত সংমিশ্ৰিত মীন পালন, মাছৰ ৰোগ নিৰাময়ত বন দৰৱৰ ব্যৱহাৰ, সমন্বিত মাছ অাৰু গাহৰি পালন, সমন্বিত ধান-মাছ পালনৰ ব্যৱস্থা অাৰু বৈজ্ঞানীক পদ্ধতিৰে মীন পালনৰ বিষয়ে ভাষণ প্ৰদান কৰে৷ ইয়াৰ লগত সংগতি ৰাখি এখন প্ৰদৰ্শনীও আয়োজন কৰা হয়৷
108
previous post