নলবাৰীৰপৰা হেমন্ত কলিতাঃ ভুটানৰপৰা নামি অহা সংহাৰী বানে আতংকিত কৰি তুলিছে নলবাৰীৰ ধমধমা অঞ্চলৰ প্ৰায় পোন্ধৰ খন গাঁৱৰ ৰাইজক।
শুকুৰবাৰে বিয়লি পাগলাদিয়া নৈৰ বাঢ়নী পানী গড়ভিতৰ অঞ্চলেৰে সোমাই তাণ্ডৱলীলা চলাইছে বৃহত্তৰ ধমধমা অঞ্চলত। অঞ্চলটোৰ চতেমাৰী, ভেলামাৰী, গড়ভিতৰ, ধমধমা, উজীৰখাট, মাজুশিৰাল, উত্তৰ বৰশিৰাল, জাৰতালুক, সুন্দৰপুৰ, গলবিল, ভেৰভেৰী, পোতাৰপাৰ আদি গাঁওসমূহৰ প্ৰায় সংখ্যক পৰিয়ালৰ গৃহতে পানী সোমাই আতংকময় পৰিৱেশৰ সৃষ্টি হয় যদিও প্ৰশাসনৰ তৰফৰপৰা এই মুহুৰ্তলৈ কোনো যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে।