88
দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ মঙলবাৰে নলবাৰী জিলাত ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বাণ পৰিস্থিতিৰ বুজ লয়৷ প্ৰথমে নলবাৰীৰ ঘগ্ৰাপাৰত বিপদ সীমাৰে বোৱা নোনা নৈৰ গতিবিধি নিৰীক্ষণ কৰে।
ইয়াৰ পিছত নলবাৰী জিলাৰ সৰিয়হতলীৰ বালভৱন বিদ্যাপীঠত উপস্থিত হৈ বানাক্ৰান্তসকলৰ শিবিৰ পৰিদৰ্শন কৰে। তেওঁলোকৰ সৈতে কথা-বতৰা পাতি সামগ্ৰিক পৰিস্থিতিৰ বুজ লয়৷