নলবাৰীঃ সদৌ অসম সাংবাদিক সন্থাৰ উপ-সভাপতি তথা ‘দৈনিক অসম’ কাকতৰ মুকালমুৱাস্থিত সাংবাদিক ৰাজেন ডেকাক পুৰ্ব পৰিকল্পিতভাৱে দুৰ্বৃত্তই ঘৰলৈ গৈ থকা অৱস্থাত প্ৰহাৰ কৰা ঘটনাৰ লগত জড়িত দুৰ্বৃত্তৰ নাম সাংবাদিকগৰাকীয়ে প্ৰকাশ কৰাৰ পাছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ই গণতন্ত্রৰ প্ৰতি চৰম আঘাত বুলি নলবাৰী জিলা ছাত্ৰ সন্থাই খেদ প্ৰকাশ কৰিছে।
যি সময়ত চৰকাৰে প্ৰতি গৰাকী সাংবাদিকক সুৰক্ষা প্ৰদান কৰা হ’ব বুলি বিভিন্ন সময়ত কৈ অহাৰ সময়ত ৰাজপথত সাংবাদিকক আক্ৰমণ কৰা ঘটনাত চৰকাৰৰ ফোপোলা স্বৰূপ ওলাই পৰিছে| ঘটনাৰ ৭২ ঘন্টা পাৰ হৈ যোৱাৰ পাছতো আক্ৰমণকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰাটো অতি দুৰ্ভাগ্যজনক।