অপুৰ্ব বৰা, তেজপুৰঃ অসম তথা উত্তৰ পূবৰ যুৱ-প্ৰজন্মক ক্ৰিকেটৰ প্ৰতি আগ্ৰহী আৰু ন-প্ৰতিভাৰ  সন্ধান কৰাৰ লগতে এখন ক্ৰিকেট ষ্টেডিয়ামৰ দৰে সুন্দৰ খেল উপভোগ কৰাৰ এক পৰিৱেশ গঢ় দিয়াৰ লক্ষ্যৰে তেজপুৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত আইপিএলৰ ফেন পাৰ্ক ৰাইজ আৰু নৱ-প্ৰজন্মৰ লোকসকলে ভিৰ কৰা দেখা গ’ল।

কালি নিশা ছানৰাইজ হায়দাবাদ আৰু ৰাজস্থান ৰয়েলছৰ মাজত অনুষ্ঠিত খেল উপভোগ কৰা পাছত দেওবাৰে অনুষ্ঠিত দিল্লী কেপিটেল আৰু ৰয়েল চেকেঞ্জৰ বেংগালুৰু আৰু কলকাতা ৰাইৰ্ডাৰ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত হ’বলগীয়া খেল দুখনতো বহু ৰাইজৰ উপস্থিতি কামনা কৰা হৈছে।

আজি অনুষ্ঠিত দুখন খেল দৰ্শকে উপভোগ কৰিবৰ বাৰে ৰাইজে কুপন সংগ্ৰহ কৰা দেখা গৈছে। ষ্টেডিয়ামৰ আৰ্হিত সজাই তোলা হৈছে তেজপুৰৰ পল’ফিল্ড।