অপুৰ্ব বৰা, তেজপুৰঃ ৰাজ্যৰ অন্যতম আগশাৰীৰ অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী চমুকৈ জিআইএমটি, তেজপুৰত ‘Ethnic Day’ কাৰ্যসূচী হিচাপে শনিবাৰে ‘গোমচেং ২০১৯’ অনুষ্ঠানৰ আয়োজন কৰা হয়।

উল্লেখযোগ্য প্ৰত্যেক বছৰৰ ব’হাগ মাহৰ প্ৰথম পষেকত শিক্ষা প্ৰতিষ্ঠানখনত পৰম্পৰাগত সাজ-পোছাক পৰিধানৰ দিৱস হিচাপে এটা দিন নিৰ্ধাৰণ কৰি বিশেষভাৱে উদযাপন কৰি অহা হৈছে। 

ইয়াৰ অংশ হিচাপে আয়োজন কৰা আজিৰ উক্ত অনুষ্ঠানটোত প্ৰতিষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে অন্যান্য কৰ্মচাৰীবৃন্দ সকলোৱে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি নিজ নিজ কৃষ্টি-সংস্কৃতিৰ পৰিৱেশন কৰে।

পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটোৰ শুভ-উদ্বোধন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ বুলজিৎ বুঢ়াগোহাঁয়ে। ইয়াৰ পিছতে ‘শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে উছৱৰ মধু আলোড়ন’ শীৰ্ষক সমৱেত সংগীতেৰে সাংস্কৃতিক কাৰ্যসূচীৰ আৰম্ভণি কৰা হয়।

পৰৱৰ্তী সময়ত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে হোলী গীত, ভূপেন্দ্ৰ সংগীত, কবিতা আবৃত্তি, বিহু, আধুনিক গীত আদি বিবিধ অনুষ্ঠান পৰিৱেশেনৰে পৰিৱেশ মুখৰ কৰি তোলে। অনুষ্ঠানৰ লগত সংগতি ৰাখি অসমৰ পৰম্পৰাগত খেল-ধেমালি কণী যুঁজ, ৰচী টনা, কলহ ভঙা আদিৰো আয়োজন কৰা হয়।

মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীবৃন্দই বৰগীতৰপৰা আদি কৰি জিকিৰলৈ, জ্যোতি সংগীতৰপৰা গোৱালপৰীয়া লোকগীতলৈ সকলো সংমিশ্ৰণ কৰি পৰিৱেশন কৰা মনোমোহা সংগীতানুষ্ঠানে অনুষ্ঠানটোক এক অন্য এক মাত্ৰা দিয়ে। ইয়াৰ লগতে মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপক পিনাকপাণি বৰুৱা ৰচিত আৰু নিৰ্দেশিত ‘কামোৰ’ শীৰ্ষক চুটি নাট এখনিও পৰিৱেশন কৰা হয়।

এইসমূহ অনুষ্ঠানৰ সমান্তৰালভাৱে আয়োজন কৰা হয় ‘পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা’ আৰু ‘পৰম্পৰাগত খাদ্য সম্ভাৰ প্ৰস্তুত প্ৰতিযোগিতা’। পাছত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীয়ে সমিলমিলেৰে পৰিৱেশন কৰা বিহু নৃত্যৰে অনুষ্ঠানটোৰ সামৰণি মৰা হয়।