নলবাৰীঃ নলবাৰী জিলাৰ দক্ষিণ প্ৰান্তৰ বাঁহজানীৰ বৰআজাৰাত মঙলবাৰে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত সাংস্কৃতিক প্ৰকল্প আৰু সাংস্কৃতিক মঞ্চৰ আধাৰশিলা স্থাপন কৰা হয়।
আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলেই। ইয়াৰ পাছতে এখন সভা অনুষ্ঠিত হয়। সভাত মন্ত্ৰী দলেই ভাষণ প্ৰদান কৰি কয় যে বাসন্তী খোলাৰ চান্দুকুছি বৰআজাৰাৰ এই সাংস্কৃতিক প্ৰকল্প আৰু মঞ্চই অঞ্চলটোত ধৰ্মীয় চেতনা, ভাতৃত্ববোধ, সংস্কৃতিৰ দিশত উল্লেখনীয় বৰঙনি আগবঢ়াব আৰু সাংস্কৃতিক চৰ্চাৰ কেন্দ্ৰবিন্দু হ’ব।