62
নলবাৰীঃ ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত নলবাৰী জিলাৰ বিধানসভা সমষ্টি সমূহত শাসকীয় বিজেপিৰ দলৰ বিধায়ক বিজয়ী হয়৷ নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নলবাৰীত কেইবা খনো সভাত অংশ লৈ নলবাৰীৰ উন্নয়ন কৰাৰ প্ৰতিশ্ৰুতি দিছিল৷
সেই সময়ৰ শাসকীয় দল কংগ্ৰেছে নলবাৰীৰ উন্নয়ন নকৰাৰ অভিযোগ উত্থাপন কৰি বিজেপিয়ে চৰকাৰ গঠন কৰিব পাৰিলে নলবাৰীৰ সামগ্ৰীক উন্নয়ন হ’ব বুলি বৰ বৰ ভাষণ প্ৰদান কৰিছিল৷