49
হেমন্ত কলিতা, নলবাৰীঃ নলবাৰী জিলাৰ সিমান্তৰ কামৰূপ জিলাৰ কঞা গাঁৱৰ এজন শিক্ষিত উদ্যমী যুৱক পুলক কলিতা। পিতৃ গৌৰী কলিতাই বৰপেটা জিলা কৃষি বিষয়া কাৰ্যালয়ৰপৰা পৰিদৰ্শক হিচাপে অৱসৰ গ্ৰহণ কৰিছে।
পুলক কলিতাই ২০০২ চনত গুৱাহাটী আৰ্য মহাবিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে। স্নাতক ডিগ্ৰীধাৰী হৈও চৰকাৰী চাকৰিৰ পিছে পিছে দৌৰী নুফুৰি ২০০৭ চনত ‘সগুণা ব্ৰইলাৰ কোম্পানী’ৰ অধীনত ঘৰতে এখন ব্ৰইলাৰ ফাৰ্ম আৰম্ভ কৰে।