Home ৰাজ্যবালিলেছা কালী দেৱালয়ত শ্যামা পূজাৰ আযোজন

বালিলেছা কালী দেৱালয়ত শ্যামা পূজাৰ আযোজন

by News Desk
61 views
A+A-
Reset

নলবাৰীঃ নলবাৰী জিলাৰ বালিলেছাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী কালী দেৱালয়ত ১৯ অক্টোবৰত বণাৰ্ঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া শ্ৰী শ্ৰী শ্যামা ব্যাপক প্ৰস্তুতি চলি থকা পৰিলক্ষিত হৈছে৷ ১৯ অক্টোবৰৰ পূৱা ৭ বজাত পতাকা উত্তোলন, ৭-৩০ বজাত শ্বহীদ তৰ্পন, ৮ বজাত বৃক্ষৰোপন, ৯ বজাত জল অনায়ন, ১০ বজাত সাংস্কৃতিক শোভাযাত্ৰা উলিয়াব ৰাইজে৷

দিনৰ ১ বজাত নাম কীৰ্ত্তন পৰিবেশন, সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন, ৬ বজাত আৰতি  প্ৰদান, ৬-৩০ বজাত বীৰ শ্বহীদ জোৱান সকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি, ৬-৪৫ বজাত আতচবাজী প্ৰদৰ্শন, ৭ বজাত শ্ৰী শ্ৰী শ্যামা পূজা আৰম্ভ-ওজাপালি প্ৰদৰ্শন, নিশা ১১-৩০ বজাত পূজা সমাপণ আৰু প্ৰসাদ বিতৰণ অনুষ্ঠান অনুষ্ঠিত হ’ব৷ ১২ বজাত ৰাজহূৱা ভোগ বিতৰণ কৰা হব৷ সমুহ কাৰ্যসূচীতে সদাশয়  ৰাইজৰ উপস্থিতি তথা সহায়-সহযোগ তথা উপস্থিতি শ্ৰী শ্ৰী কালী দেৱালয় উন্নয়ন সমিতিৰ সভাপতি অজিত মহন্ত, উপ-সভাপতি তৰুন সেন ডেকা আৰু সম্পাদক জিতু মনি ডেকাই কামনা কৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0