নলবাৰীঃ অহা ৪ মাৰ্চৰ পৰা নলবাৰীৰ সৰিয়হতলী ষ্টেডিয়ামত দ্বিতীয় বাৰ্ষিক সদৌ অসম সতীশ চন্দ্ৰ তামূলী টি-২০ ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷  নলবাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাৰ প্ৰস্তুতি প্ৰায় সম্পূর্ণ হৈছে বুলি জানিব পৰা গৈছে৷

নলবাৰী ক্ৰীড়া সন্থাৰ সোণালী জয়ন্তী বৰ্ষৰ সৈতে সংগতি ৰাখি লীগ ভিত্তিত অনুষ্ঠিত হ’ব  প্ৰতিযোগিতা খন৷ ৫ হাজাৰ টকা ভৰ্তি মাচুল নিৰ্ধাৰণ কৰা প্ৰতিযোগিতাত এক লাখ টকা পুৰস্কাৰ আগবঢ়াব৷ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব বিচৰা দলসমূহক অহা ১ মাৰ্চৰ ভিতৰত ৯৪৩৫১৯৪৩১৬, ৮৬৩৮২১৬৭৪৭ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় ক্ৰীড়া সন্থাই৷