হেমন্ত কলিতা, নলবাৰী

নলবাৰীঃ নলবাৰী সদৰ আৰক্ষী থানাৰ অন্তৰ্গত হাজো পথৰ মনোজ হোটেলৰ কাষত মঙলবাৰে নিশা এক চুৰি কাণ্ড সংঘটিত হয়৷ চুৰি হোৱা দোকানৰ গৰাকী জন হ’ল জিলাখনৰ কেন্দুকুছি গাঁওৰ ৰাজু শৰ্মা৷ হাজো পথৰ পুৰনি বাছ আস্থানৰ সন্মুখৰ ১৩৩ নং শৰ্মা পান চ'প নামৰ চুৰি হোৱা দোকানখনৰ গৰাকী ৰাজু শৰ্মাই জানিবলৈ দিয়া মতে ৰাতিপুৱা দোকান খুলিবলৈ অহাৰ পিছত দোকানৰ ভিতৰৰ বয় বস্ত সমুহ ছিন্ন-ভিন্ন অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰে৷ 

পিছত দোকানখনত ভালকৈ তদন্ত কৰি দেখা পায় যে, দোকানত থকা বিভিন্ন পান মছলা সামগ্ৰী, প্লাষ্টিক সামগ্ৰী, আদিৰ লগতে নগদ ধনসহ প্ৰায় ৭-৮ হাজাৰ টকাৰ মুল্যৰ বস্তু চোৰে চুৰি কৰি লৈ যায়৷ এই ঘটনাটো যোৱা ৰাতি দোকানখনৰ তক্তাৰ পাত ভাঙি চুৰি হোৱা বুলি জানিব পৰা গৈছে৷

ইফালে, দৰিদ্ৰ পান-তামোলৰ দোকানী ৰাজু ভাগি গৈছে কান্দোনত৷ কোনেও তেওঁক বুজাব পৰা নাই৷ তেওঁ উচুপি উচুপি সাংবাদিকৰ আগত বহু কষ্ট  কৰি ঘৰখন চলাই আছে বুলি প্ৰকাশ কৰে৷ লগতে উল্লেখ কৰে ক'ৰ পৰা আৰ বস্তু ভৰাব বুলি কৈ উচুপি উঠে৷ পিছত ঘটনা সন্দৰ্ভত আৰক্ষী থানাত ৰাজুই খবৰ দিয়ে যদিও আৰক্ষী আহি নোপোৱাত তিনিবাৰ থানালৈ যায় যদিও বহু পলমকৈ আহি আৰক্ষী দুজন ঘটনাস্থলিত আহি পৰিদৰ্শন কৰি যায়৷

ঘটনাটোৰ বাতৰি লিখা মুহুৰ্তলৈ একো শুংসূত্ৰ ওলোৱা নাই৷ অতিকৈ দৰিদ্ৰ পৰিয়ালৰ ৰাজুই বিগত ১০ বছৰ ধৰি পান দোকান চলাই পৰিয়ালৰ পেট পূৰ কৰিছিল৷ 

আশ্চৰ্য্য জনক কথা যে ইয়াৰ আগতেও একাধিক বাৰ হাজো পথত চুৰি কাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে৷ এনেধৰনৰ বহু ঘটনা এতিয়াও  নলবাৰীত সংঘটিত হৈ আহিছে যদিও সদৰ থানাৰ আৰক্ষী সম্পূৰ্ণ ব্যৰ্থ বুলি ৰাইজে অভিযোগ কৰে৷