ডিজিটেল ডেক্স,নলবাৰীঃ নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত বিল্বেশ্বৰ আৰু দুৰ্গা পূজাৰ এক এৰাব নোৱাৰা সম্পৰ্ক আছে৷ মহানৱমীৰ দিনটোত অতীজৰে পৰা ৰাজ্যৰ ভিন্ন ঠাইৰ পৰা দুৰ্গা দেৱীৰ ভক্তই ভিৰ কৰে বিল্বেশ্বৰ৷ নলবাৰী জিলাৰ বেলশৰৰ ইতিহাপ্ৰসিদ্ধ শক্তিপীঠ বিল্বেশ্বৰত ১০ অক্টোবৰ পৰা ১৯ অক্টোবৰলৈ দহদিনীয়া দূৰ্গা পূজা অনুষ্ঠিত হয়৷ দহ দিনৰ পূজাৰ ভিতৰত মহানৱমীৰ দিনটোক বিশেষ ভাবে লয় ভক্তসকলে৷
বৃহস্পতিৰে প্ৰায় অৰ্ধ লক্ষ লোক ওলাই আহে দেৱী দুৰ্গাক সেৱা কৰিবলৈ৷ প্ৰতিপদ তিথিৰ দুৰ্গা পূজা আৰম্ভ হোৱা ৰাজ্যৰ একমাত্ৰ শক্তিপীঠৰূপে বিল্বেশ্বৰ৷ দেৱালয়ত হিন্দু-মুছলমানে ভক্তি ভাবেৰে ওলাই আহে৷ দেৱালয়ত ৫৩ টা ম'হ বলি দিয়াৰ লগতে ছাগলী, হাঁহ, পাৰ চৰাই আদি বলি দিয়া হয়৷ দেৱালয়ৰ নিয়ম অনুসাৰি বলিৰ দাতা সকলৰ নাম প্ৰকাশ কৰিব বিচৰা নাই সমিতিয়ে৷