নামতিঃ শুকুৰবাৰে নিশাৰে পৰা শিৱসাগৰ জিলাৰ নামতি চাৰিআলিত আৰম্ভ হৈছে দিবা-নৈশ টেনিচ বল ক্রিকেট প্রতিযোগিতা৷ নামতি চাৰিআলি হাইস্কুল খেল পথাৰত যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত হোৱা প্রতিযোগিতা উদ্বোধন কৰে ১৯ অনুৰ্ধ ভাৰতীয় দলৰ খেলুৱৈ তথা মুম্বাই চিটি এফচি ক্রিকেট দলৰ খেলুৱৈ প্রাঞ্জল ভূমিজ আৰু নামতি আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া বিৰাজ কুমাৰ দাসে৷

উদ্বোধনী অনুষ্ঠানত অভিযন্তা হাফিজ আহমেদে, অধ্যক্ষ চৈয়দ চামচুজ জামান, শিক্ষাবিদ হাচান আলী, চফিউৰ ৰহমান, জিতেন দুৱাৰা, অধিবক্তা চৈয়দ আব্দুৰ ৰাইহন ৰহমান, সাংবাদিক জিয়াৰুদ্দিন আহমেদ, মনোজ কুমাৰ বৰুৱা, সমাজকর্মী হাচিম আলী, বুবুল হাজৰিকা, দিলীপ গগৈ উপস্থিত থাকে। উদ্বোধনী খেলখন অনুষ্ঠিত হয় টিয়ক ষ্টাৰ ক্রিকেট ক্লাৱ আৰু নামতি হি'ৰ হার্ট কিলাৰ ক্রিকেট দলৰ মাজত। 

টিয়ক ষ্টাৰ ক্রিকেট ক্লাৱে নামতি হি'ৰ হার্ট কিলাৰ ক্রিকেট দলক ১২ ৰাণত পৰাজিত কৰি দ্বিতীয় ৰাউণ্ডত প্রৱেশ কৰে। ১ লাখ ৮০ হাজাৰ টকাৰ প্রাইজমণিৰ ক্রিকেট প্রতিযোগিতাত ৰাজ্যৰ ৪০টা দলে অংশ গ্রহণ কৰিব। মেন অৱ দ্যা চিৰিজ এখন মটৰ চাইকেল প্ৰদান কৰিব।