► ওড়িষাত নিৰ্মীয়মাণ দলং খহি এজন নিহত, আহত ১১। ৰাজধানী ভূৱনেশ্বৰৰ বমিছাল অঞ্চলত এই অঘটন।

► দিল্লীৰ এখন বিদ্যালয়ত টয়লেটত ৫ বছৰীয়া ছাত্ৰীক ধৰ্ষণ পিয়নৰ। ধৰ্ষণকাৰী পিয়ন আৰক্ষীৰ জালত।

► ৰাম ৰহিমৰ ডেৰাত তালাচী অভিযানৰ অন্ত। হাৰিয়ানাৰ ছিৰ্ছা চহৰত পুনৰ ইণ্টাৰনেট সেৱা আৰম্ভ। গোৱিন্দ নামৰ এজন ডেৰা মুখিয়ালক আটক, হনীপ্ৰীতৰ সন্ধানত অভিযান অব্যাহত।

► ৰিয়ান স্কুলৰ ছাত্ৰ হত্যাকাণ্ডক লৈ উত্তপ্ত হাৰিয়ানাৰ গুৰুগ্ৰাম। ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে লণ্ড-ভণ্ড কৰিলে বিদ্যালয়ৰ সমীপৰ ৱাইনশ্বপ।

► কাশ্মীৰৰ শ্বপিয়ানত সেনাৰে সংঘৰ্ষত নিহত ২ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী। এজনৰ আত্মসমৰ্পণ।

► মোদী-যোগীৰ পেইণ্টিং অংকন কৰা বাবে উত্তৰ প্ৰদেশত স্বামীয়ে ঘৰৰ পৰা গতিয়াই উলিয়াই দিলে নাগমা নামৰ এগৰাকী মুছলমান মহিলাক। এই ঘটনা ৰাজ্যখনৰ বাছাৰিখপুৰ নামৰ ঠাইখনৰ।

► জে এন ইউ পুনৰ বাওপন্থীৰ দখলত। এবিভিপিৰ প্ৰাৰ্থীক হৰুৱাই সভাপতি পদত বাও আদৰ্শৰ গীতা কুমাৰী।