ডিজিটেল ডেস্কঃ পানামা পেপাৰছ কেলেংকাৰীত জড়িত থকাৰ অভিযোগ প্ৰমাণিত হোৱাত প্ৰধানমন্ত্ৰীৰ পদ হেৰুৱালেও পাকিস্তানৰ প্ৰধানমন্ত্ৰী নাৱাজ শ্বৰীফৰ ৰাজনৈতিক প্ৰভাৱ অক্ষুন্ন আছে পাকিস্তানত৷ পাকিস্তানৰ শীৰ্ষ আদালতে নৱাজ শ্বৰীফৰ সাংসদ পদ খাৰিজ কৰাৰ পিছত লাহোৰ লোকসভা সমষ্টি খালি হৈ আছিল৷
দেওবাৰে লাহোৰ লোকসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হয়৷ নিৰ্বাচনত জয়লাভ কৰে নৱাজৰ পত্নী তথা পাকিস্তান মুছলিম লীগৰ পাৰ্থী কুলসুম শ্বৰীফে। ১৪১৮৮ ভোটৰ ব্যৱধানত জয়লাভ কৰে শ্বৰীফৰ পত্নী কুলসুমে। মুঠ ভোটৰ ৬১,২৫৪ পায় কুলসুমে আৰু তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী পি টি আই দলৰ স্ত্ৰীৰোগ বিশেষজ্ঞা ইয়াসমিন ৰচিদে লাভ কৰে ৪৭,০৬৬ টা ভোট। দূৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকা কুলসুম বৰ্তমানেও লণ্ডনত চিকিৎসাধীন হৈ আছে।