বিলাসীপাৰাঃ ধুবুৰী জিলাৰ নয়াহাটত মহামায়া ব্লক কংগ্ৰেছৰ সভানেত্ৰীক পহু খেদা, টিকট বঞ্চিত প্ৰাৰ্থীৰ লগতে ৰাইজে ভাঙিলে সভানেত্ৰী সাবানা আখতাৰৰ চাৰিচকীয়া বাহন। ঘটনাৰ বিৱৰণী মতে বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত তথা মহামায়া ব্লক কংগেছৰ সভানেত্ৰী সাৱানা আখতাৰে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হবলগা টিকট প্ৰত্যাশী দলীয় প্ৰাৰ্থীৰ পৰা টিকট দিয়াৰ নামত একোএকো জনৰ পৰা মোটা অংকৰ ধন লোৱা বুলি অভিযোগ কৰা বঞ্চিত প্ৰাৰ্থী সকলে ক্ষোভত জ্বলি-পকি থকাৰ সময়তে আজি সন্ধিয়া আনুমানিক ছয় মান বজাত নয়াহাটত তেখেতক ৰাইজে হাতে লোটে  ধৰি ক্ষোভৰ বহিঃপ্রকাশ ঘটোৱাৰ লগতে বঞ্চিত প্ৰাথী আৰু ৰাইজে মিলি সাৱানা আখতাৰক  আৱদ্ধ কৰি তেখেতৰ গাড়ীখনৰ বিস্তৰ ক্ষতি সাধন কৰে ।

https://youtu.be/scE9Bmo3yM0

পিছে নয়াহাট আৰক্ষী ঘটনাস্হলীত উপস্থিত হৈ কংগ্ৰেছ সভানেত্ৰী সাৱানা আখতাৰক গাড়ীসহ থানালৈ নিয়ে। উক্ত ঘটনাৰ খবৰ পাই মহকুমা দণ্ডাধীশ, মহকুমা আৰক্ষী বিষয়া লগতে বিলাসীপাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই নয়াহাট থানাত উপস্থিত হৈ সভানেত্ৰী গৰাকীকক বিলাসীপাৰা সদৰ থানালৈ লৈ যায় ।

বঞ্চিত প্ৰাৰ্থী সকলে উল্লেখ কৰা মতে এই ধনৰ ভাগ জিলা সভাপতিৰ লগতে কংগ্ৰেছৰ বৰমূৰীয়া কিছুমানে পাইছে। আনহাতে টিকট বঞ্চিত প্ৰাৰ্থীসকলে মাহামায়া ব্লকৰ সভানেত্ৰীগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে নয়াহাট থানাত এখন এজাহাৰ দিয়া বুলি জানিব পৰা গৈছে ।
বিলাসীপাৰা পৰা জহিৰুল ইছলাম