নাজিৰাঃ আৰ্থিক দুৰৱস্থাকো নেওচি একাগ্ৰতা তথা সাধনাৰ বলত ৰাজ্যবাসীলৈ সু-খবৰ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে এগৰাকী খেলুৱৈয়ে। নিজৰ ক্ৰীড়া শৈলীৰে বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হোৱা এই খেলুৱৈগৰাকী হৈছে শিৱসাগৰ জিলাৰ নাজিৰাৰ হুদুপাৰা অঞ্চলৰ ভনিতা গগৈ।
যোৱা ২৮ আৰু ২৯ এপ্ৰিলত নতুন দিল্লীত ৫খন দেশৰ মাজত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় ইউ এফ আই মাৰ্চিয়েল আৰ্টছ চেম্পিয়নশ্বিপ-২০১৭ৰ কিক বক্সিঙৰ লগতে সমৰ কলাত দুটাকৈ স্বৰ্ণ পদক জয় কৰিবলৈ সমৰ্থ হয় এইগৰাকী প্ৰতিভাৱান খেলুৱৈয়ে।