ডিজিটেল ডেস্কঃ দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে এন ডি এ প্ৰাৰ্থী ভেংকায়া নাইডু। শনিবাৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ২৭২ টা ভোটৰ ব্যৱধানত বিৰোধী প্ৰাৰ্থী প্ৰাক্তন কুটনীতিবিদ গোপালকৃষ্ণ গান্ধীক পৰাস্ত কৰে।
নাইডুৱে মুঠ ৭৮৫ টা ভোটৰ ৫১৬ টা ভোট লাভ কৰাৰ বিপৰীতে গান্ধীয়ে লাভ কৰে ২৪৪ টা ভোট। মুঠ ৭৮৫ গৰাকী সাংসদৰ ৭৭১ গৰাকীয়ে আজিৰ নিৰ্বাচনত ভোটদান কৰে। ১১ গৰাকী সাংসদৰ ভোট ‘ইনভেলিড’ ঘোষিত হয়। আনহাতে ১৪ গৰাকী সাংসদে বিভিন্ন কাৰণত ভোটদান কৰিব নোৱাৰিলে। উল্লেখ্য যে জয়ৰ বাবে প্ৰয়োজনীয় ভোটৰ সংখ্যা হৈছে ৩৮১টা।