কোকৰাঝাৰঃ ক্ষুদ্ৰ ব্যৱসায়ী ৰঞ্জিত দত্তৰ মুল অপহৰণকাৰী মিথিছাৰ মুছাহাৰী ওৰফে এম অণ্ঠাই(২৫)ক অৱশেষত অাৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । কোকৰাঝাৰ অাৰক্ষী আৰু চিৰাং অাৰক্ষীয়ে কালি নিশা যৌথ অভিযান চলাই চিৰাং জিলাৰ ৰণীখাতা থানাৰ অন্তৰ্গত ১নং বেংতল নিৱাসী জনেন মুছাহাৰীৰ পূত্ৰ মিথিছাৰ নাৰ্জাৰীক আটক কৰিবলৈ সক্ষম হৈছে ।
কোকৰাঝাৰ জিলাৰ অাৰক্ষী অধীক্ষক ৰাজেন সিঙে সদৰি কৰা মতে যোৱা ২১ ফেব্ৰুৱাৰীৰ দিনাখন ক্ষুদ্ৰ ব্যৱসায়ী ৰঞ্জিত দত্ত ভৱানীপুৰৰ পৰা অপহৃত হৈছিল আৰু পৰিয়ালৰ এজাহাৰ ভিত্তিত অাৰক্ষীয়ে এক গোচৰ (নং ১০৯/২০১৭) ৰজু কৰিছিল । পৰবৰ্তী পৰ্যায়ত অৰ্থাৎ যোৱা ৪ মাৰ্চত অাৰক্ষীয়ে অপহৃত ৰঞ্জিত দত্তক চিৰাং জিলাৰ কয়লাময়লাৰ ঘন জংঘলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ।