কোকৰাঝাৰঃ বিটিএডি অঞ্চলত কৃষক সকলে কৃষি ক্ষেত্ৰত অত্যাধুনিক সা-সজুলিৰে এক সেউজ বিপ্লৱ গঢ়াৰ উদ্দেশ্যৰে বিটিচিৰ কৃষি বিভাগে আজি কোকৰাঝাৰ,চিৰাং, বাগছা আৰু ওদালগুৰী জিলাৰ ১৫৯ গৰাকী হিতাধিকাৰী কৃষকৰ মাজত পাৱাৰ টিলাৰ বিতৰণৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷ প্ৰকাশ যে বিটিচি কৃষি বিভাগে আজি ২০১৬-১৭ বিত্তীয় বৰ্ষৰ এ.ও.পি (AOP) আচঁনিৰ অধীনত পঞ্চাশ শতাংশ ৰেহাই মূল্যত প্ৰথম পৰ্যায়ত কোকৰাঝাৰ জিলাত মুঠ ৪৪ গৰাকী হিতাধিকাৰীৰ মাজত আনুষ্ঠানিকভাৱে পাৱাৰ টিলাৰ বিতৰণ কৰে ৷
বিতৰণ সমাৰোহত বিটিচিৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য অনশুমৈ খুংগুৰ বড়োই মুখ্য অতিথি হিচাপে উপস্থিত থাকি উপস্হিত কৃষক সকলক অত্যাধুনিক সা-সঁজুলিৰে কৃষি উৎপাদন বৃদ্ধিৰ প্ৰতিযোগিতাৰে বিটিএডিত অৰ্থনৈতিক দিশ টনকিয়াল কৰাৰ আহ্বান জনায় ৷