কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত মহাজনপাৰাৰ হুছেইন আলি সেখৰ পুত্ৰ তথা যোৱা ১৭ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া ছাত্ৰ ইয়াজুল সেখ (১৭) যোৱা ২৫ দিন ধৰি ৰহস্যজনক ভাৱে সন্ধানহীন হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
ইতিমধ্যে নিৰুদ্দেশ হোৱা ছাত্ৰ গৰাকীৰ পৰিয়ালবৰ্গই কোকৰাঝাৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে ছাত্ৰ গৰাকীৰ কোনো শুংসুত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই ৷ উল্লেখ্য যে মহাজনপাৰাৰ হুছেইন আলি সেখৰ পুত্ৰ তথা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া ছাত্ৰ ইয়াজুল সেখ (১৭) পৰীক্ষাৰ দুদিন পূৰ্বেই অৰ্থ্যাৎ যোৱা ১৫ ফেব্ৰুৱাৰীৰ বিয়লি ৪ বজাত ৰহস্যজনকভাৱে নিৰুদ্দেশ হয় ।