104
বালিপাৰাঃ শোণিতপুৰৰ ৰঙাপৰাত এন ডি এফ বি(সং)ৰ বিৰুদ্ধে চলোৱা অভিযানত বৃহৎ সফলতা লাভ কৰিবলৈ সমৰ্থ হৈছে অসম আৰক্ষী৷ সেনাৰ সৈতে যুটীয়াভাৱে চলোৱা এই অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে আৰক্ষীয়ে৷
অভিযানকাৰী দলটোৱে অত্যন্ত দুৰ্গম অঞ্চল দীপাঞ্জলী পাহাৰত এন ডি এফ বিৰ শিবিৰ এটাও উৎখাত কৰে৷ জানিব পৰা মতে, দীপাঞ্জলী পাহাৰত এন ডি এফ বিৰ কেইজনমান সদস্য অতি গোপনে বাহৰ পাতি শিবিৰ স্থাপন কৰা এক তথ্য লাভ কৰিছিল আৰক্ষী আৰু সেনাই৷