কোকৰাঝাৰ/সৰভোগঃ কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম চিকিৎসালয়ৰ বিছনাতে আজিও নৱজাতকক সাৱটি দুচকুৰে লোতক বোৱাই এক অনিশ্চিত ভৱিষ্যতত ধিয়াই নীৰৱে শুই আছে ৰশ্মিনাৰা বেগম। চিজাৰিয়ান পদ্ধতিৰে প্ৰসৱ কাৰ্য সম্পন্ন হোৱা ৰশ্মিনাৰা কমেও এসপ্তাহ চিকিৎসালয়ৰ বিছনাতে পৰি থাকিব লাগিব যদিও চিকিৎসকে “ৰিলিজ” দিয়াৰ লগে লগেই পুনৰাই কোকৰাঝাৰ ডিটনচন কেম্পলৈয়ে উভতি যাব লাগিব, এয়াই বাস্তৱ।
ফুলকুমলীয়া দেৱশিশুৱে মাকৰ সতে শুব লাগিব ডিটেনচন কেম্পৰ পকী মজিয়াত। এনেবোৰ নানান চিন্তাৰে ৰশ্মিনাৰা বেগম অনবৰতে দুচকুৰে লোতক বোৱাই আছে। আজি চিকিৎসালয়ৰ বিছনাতে ৰশ্মিনাৰাই কান্দি কান্দি নিজৰ দূৰ্ভাগ্যৰ কথা সদৰী কৰি কেতবোৰ মানবীয় প্ৰশ্ন উত্থাপন কৰে। “মোৰ সন্তানৰ কি অপৰাধ যে জন্মৰ পিছতে পুনৰাই জেললৈ যাব লাগিব।”-জেলৰ মজিয়াত কেনেদৰে সন্তানক লৈ শুব বুলি প্ৰশ্ন উত্থাপন কৰি এইদৰে কয় ৰশ্মিনাৰাই।