গুৱাহাটীঃ দিল্লীৰ এম চি ডি নিৰ্বাচনত শোচনীয় পৰাজয় আৰু পঞ্জাৱৰ বিধান সভা নিৰ্বাচনত আশানুৰূপ ফল লাভত ব্যৰ্থ হোৱাৰ পিছতে অসন্তুষ্ট আম আদমী পাৰ্টি চমুকৈ আপত আৰম্ভ হৈছে খহনীয়া। শীৰ্ষ নেতৃত্বৰ কাম-কাজত অসন্তুষ্ট হৈ বিগত সময়ছোৱাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাজনো নেতাই দলত্যাগ কৰাৰ পিছত আঞ্চলিক নেতাসকলেও ক্ৰমাৎ দলৰ প্ৰতি আস্থা হেৰুৱাই পেলোৱা দেখা গৈছে।
অসমতো দলৰ ভেটি সবল নৌহওতেই আতৰি যাবলৈ আৰম্ভ কৰিছে এজন এজনকৈ নেতাই। এই অনুযায়ী দেওবাৰে দলৰ ৰাজ্যিক সমন্বয়ক পদৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰে জিন্তী গগৈয়ে। তেওঁ দলৰ প্ৰাথমিক সদস্য পদৰ পৰাও অব্যাহতি লোৱা বুলি জানিব পৰা গৈছে।