newsnextone.com। ওদালগুৰিঃ এন ডি এফ বি(প্ৰ)ৰ ৩০ সংখ্যক শ্বহীদ দিৱস আজি এন ডি এফ বিৰ প্ৰগতিশীল গোটে ওদালগুৰিৰ সাপেখাইটিস্থিত যদ্ধবিৰত শিৱিৰত পালন কৰে। এন ডি এফ বি প্ৰগতিশীলৰ সভাপতি ধীৰেন বড়োৱে পতাকা উত্তোলনেৰে আৰম্ভ কৰা অনুষ্ঠানত সংগঠনটোৰ হৈ মৃত্যু বৰণ কৰা বড়ো জাতীয় শ্বহীদ সকলক শ্ৰদ্ধা জনাই মম প্ৰজ্বলন কৰে এন ডি এফ বিৰ নেতা তথা শ্বহীদ পৰিয়ালে। শ্বহীদ দিৱসৰ এই কাৰ্যসূচীত নিখিল বড়ো ছাত্ৰ সন্থা, ইউ পি পি (এল), জইন্ট একচন কমিটি ফৰ বড়োলেণ্ড মোভমেন্টকে ধৰি বহু কেইটা বড়ো জাতীয় সংগঠনে।
