newsnextone.com। ওদালগুৰিঃ এন ডি এফ বি(প্ৰ)ৰ ৩০ সংখ্যক শ্বহীদ দিৱস আজি এন ডি এফ বিৰ প্ৰগতিশীল গোটে ওদালগুৰিৰ  সাপেখাইটিস্থিত যদ্ধবিৰত শিৱিৰত পালন কৰে। এন ডি এফ বি প্ৰগতিশীলৰ সভাপতি ধীৰেন বড়োৱে পতাকা উত্তোলনেৰে আৰম্ভ কৰা অনুষ্ঠানত সংগঠনটোৰ হৈ মৃত্যু বৰণ কৰা বড়ো জাতীয় শ্বহীদ সকলক শ্ৰদ্ধা জনাই মম প্ৰজ্বলন কৰে এন ডি এফ বিৰ নেতা তথা শ্বহীদ পৰিয়ালে। শ্বহীদ দিৱসৰ এই কাৰ্যসূচীত নিখিল বড়ো ছাত্ৰ সন্থা, ইউ পি পি (এল), জইন্ট একচন কমিটি ফৰ বড়োলেণ্ড মোভমেন্টকে ধৰি বহু কেইটা বড়ো জাতীয় সংগঠনে। 

অনুষ্ঠানত উপস্থিত এন ডি এফ বি প্ৰগতিশীলৰ সভাপতি গৰাকীয়ে  ইমান বছৰে যুদ্ধ বিৰতিত থকাৰ পিছতো ভাৰত চৰকাৰে এন ডি এফ বি প্ৰগতিশীলৰ সৈতে আলোচনা প্ৰক্ৰিয়াত গুৰুত্ব নিদিয়াৰো অভিযোগ কৰে। বিগত নিৰ্বাচনত বিজেপিয়ে বড়ো সকলৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়া পিছতো বড়ো সকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰে সংগটনটো।

 উল্লেখ্য যে যোৱা ২০১৪ চনৰ লোকসভা নিৰ্বাচনত কেইবাটও সমষ্টিত বিজেপিক জয়ী কৰোৱাত বিশেষ ভূমিকা লৈছিল সংগঠন দুটাই। বিশেষকৈ মঙলদৈ,তেজপুৰ,লক্ষীমপুৰত বিজেপিৰ জয়ৰ আঁৰত আছিল এই সংগঠন দুটাৰ বহু খিনি অৰিহনা। আগন্তক লোকসভা নিৰ্বাচনৰ পূৰ্বে বড়ো সকলৰ সমস্যা সমাধান নকৰিলে এন ডি এফ বি (প্ৰ)আৰু এবছুৱে বিকল্প ৰাজনৈতিক দলৰ লগত থাকি নিৰ্বাচনত ভূমিকা লোৱাৰ চিন্তা কৰাৰো কথা ব্যক্ত কৰিছে দুয়োটা সংগঠনৰ নেতৃত্বই।