লালুকঃ নীপকোৱে এৰা অতিৰিক্ত পানীয়ে কাল হ’ল উত্তৰ অসমৰ বাবে৷ নীপকোৰ অতিৰিক্ত পানীয়ে লখিমপুৰৰ নাওবৈছাৰ গেন্ধালিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ খহাই নিয়াৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাইজৰ মাজত৷
অতিৰিক্ত পানী এৰাৰ ফলত ৰঙা নৈৰ বাঢ়নী পানীয়ে এটা পকী কাৰ্লভাট উটুৱাই নিয়াৰ ফলত যোৱা ৩০ ঘন্টা ধৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত যোগাযোগ বিচ্ছিন্ন হৈ আছে৷ যোগাযোগ বিছিন্ন হৈ পৰিছে উত্তৰ অসমৰ অন্যান্য প্ৰান্ত আৰু লখিমপুৰৰ মাজত৷ লখিমপুৰ জিলা প্ৰশাসনৰ তৎপৰতাত নাওবৈচাৰ গেন্ধালিৰ ছিঙা অংশত যোৰা লগোৱাৰ বাবে মেৰামতি চেষ্টা অব্যাহত আছে যদিও এই পৰ্যন্ত সফল হ’ব পৰা নাই৷