কাজিৰঙাঃ ভাৰত চৰকাৰৰ যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনৰ নেহৰু যুৱকেন্দ্ৰ গোলাঘাটৰ উদ্যোগত যোৱা ১১, ১২ আৰু ১৩ মাৰ্চত গোলাঘাটৰ এ.ভি.ভি. হলত অনুষ্ঠিত হয় যুৱ দক্ষতা বিকাশ প্ৰশিক্ষণ৷ নেহৰু যুৱকেন্দ্ৰৰ সমন্বয়ক শুভম শৰ্মাৰ পৌৰহিত্যত অনুষ্ঠিত “যুৱ নেতৃত্ব আৰু জাতীয় উন্নয়ন” শীৰ্ষক তিনিদিনীয়া প্ৰশিক্ষণৰ শুভ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক ডা° শ্ৰীবৎস গোপাল গোস্বামীয়ে।
অনুষ্ঠানটোত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে পৰিবহন নিগমৰ গোলাঘাটৰ অধীক্ষক প্ৰদীপ কলিতা আৰু শিক্ষক সঞ্জীৱ চেতিয়াকে আদি কৰি কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে। প্ৰশিক্ষণত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে অপূৰ্ব শইকীয়া, দীপ হেষ্টিংছ বৰি আৰু দিনমণি ফুকনে৷