ৰঙাপৰাঃ সমগ্ৰ বিশ্বতে ভয়াৱহ ৰূপ ধাৰণ কৰা কৰ'না ভাইৰাছক লৈ সৃষ্টি হোৱা আতংকৰ পৰা মুক্ত হ'ব পৰা নাই শোণিতপুৰ জিলাৰ ৰঙাপৰাও। আজি ৰঙাপৰা ৰেলৱে ষ্টেচনত পুৱা ৯ বজাত নামনিমুৱা ৰঙিয়া-ডেকাৰগাঁও অভিমুখী যাত্ৰীবাহী ৰেলখন ৰঙাপৰা ৰেলৱে ষ্টেশ্যন আহি পোৱাৰ পাছতে ৰঙাপৰা ৰেলৱে চিকিৎসালয়ৰ মুখ্য চিকিৎসক ডাঃ ৰামকেশ প্ৰসাদৰ নেতৃত্বত এটি চিকিৎসকৰ দলে ৰেলখনত অহা প্ৰতিগৰাকী যাত্ৰীক উত্তাপ নিৰীক্ষণ যন্ত্ৰৰে স্বাস্থ্য পৰীক্ষা কৰে।

চিকিৎসক পৰীক্ষণ দলত ৰেলৱে চিকিৎসালয়ৰ জেষ্ঠ্য ফাৰ্মাচিষ্ট ফাৰুক আহমেদ, নাৰ্চ ৰাজু চাহানি, ৰঙাপৰা ৰেলৱে ষ্টেচনৰ মুখ্য স্বাস্থ্য পৰীক্ষক বিদ্যুৎ পাঠক  উপস্থিত আছিল। স্বাস্থ্য পৰীক্ষাৰ সময়ত চিকিৎসকৰ দলটোক সহযোগ কৰে  ৰেল আৰক্ষীয়ে। চিকিৎসক ডাঃ ৰামকেশ প্ৰসাদে জানিবলৈ দিয়ে যে অনাগত দিনত এনে ধৰণে স্বাস্থ্য পৰীক্ষা নিয়মীয়াকৈ হৈ থাকিব। এজন ব্যক্তিৰ শৰীৰৰ উত্তাপ ৩৮ ডিগ্ৰী চেন্টিগ্ৰেডৰ ওপৰত হলেহে শংকিত হোৱাৰ কাৰণ আছে বুলি তেওঁ উল্লেখ কৰে। ৰঙাপৰাত বৰ্তমানলৈকে এজনো লোক কৰ'না ভাইৰাছত আক্ৰান্ত হোৱা নাই বুলিও তেওঁ সংবাদ মাধ্যমক অৱগত কৰে।

তাৰাজুলি, ধলকুবা চাহ বাগিচাত সজাগতা সভা

ৰঙাপৰা ষ্টেশ্যনৰ সমান্তৰালভাৱে তাৰাজুলি চাহ বাগিচা আৰু ধলকুবা চাহ বাগিচাত সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছা তথা অসম চাহ মজদুৰ সংঘ তেজপুৰ শাখাই প্ৰতিৰোধ মূলক সজাগতা সৃষ্টিৰ বাবে সজাগতা শিবিৰ আৰু সভা অনুষ্ঠিত কৰে। আটছাৰ তাৰাজুলি প্ৰাথমিক গোটৰ সহযোগত অনুষ্ঠিত সজাগতা সভাত ৰঙাপৰা উপ শাখাৰ সভাপতি চাকিৰাম তাঁতী, কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য অজয় তাঁতী, ইলিয়াছ প্ৰধান আৰু তেজপুৰ শাখাৰ ভাৰপাপ্ত সভাপতি নমেশ ওৰাঙে অংশগ্ৰহণ কৰে। শ্ৰমিকসকলৰ কৰ্মৰত স্থানলৈ গৈ আটছাৰ বিষয়ববীয়াসকলে সজাগতা শিবিৰৰ আয়োজন কৰে।

আনহাতে, আজি পুৱা ১০ বজাত ধলকুবা বিদ্যালয়ৰ সমীপত অসম চাহ মজদুৰ সংঘৰ উদ্যোগত আন এখন সজাগতা সভা অনুষ্ঠিত হয়‌। অসম চাহ মজদুৰ সংঘৰ তেজপুৰ শাখাৰ ভাৰপাপ্ত সম্পাদক সুনীল টুটীৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাত ধলকুবা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সুৰেশ সিঙে অংশগ্ৰহণ কৰে। সজাগতা সভাত সুনীল টুটীয়ে কয় যে এতিয়ালৈকে  বিধান নোলোৱা ৰোগবিধৰ নিৰাময়ৰ একমাত্ৰ উপায় প্ৰতিৰোধ। সভাত পৰিস্কাৰ পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। সঘনাই হাত ধোৱাতো কৰ'না ভাইৰাছৰ এক উত্তম প্ৰতিৰোধমূলক ব্যৱস্থা বুলি বক্তা সকলে ভাষণত উল্লেখ কৰে।