newsnextone.com | গুৱাহাটীঃ উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-সংগঠনৰ উমৈহতীয়া মঞ্চ নে’ছে বৃহস্পতিবাৰে শ্বিলঙত যুটীয়া সংসদীয় সমিতিক সাক্ষ্য প্ৰদান কৰি শুকুৰবাৰে নে’ছৰ নেতাসকল গুৱাহাটীত একত্ৰিত হয়৷ শ্বিলঙত ৭ ৰাজ্যৰ জাতীয় সংগঠন একত্ৰিত হৈ বিধেয়কৰ বিৰুদ্ধে যুঁজ দিয়াৰ কথা ঘোষণা কৰি শুকুৰবাৰে নে’ছৰ অন্তৰ্ভুক্ত আটাইকেইটা সংগঠনৰ নেতাৰ উপস্থিতিত গুৱাহাটীত বৈঠক অনুষ্ঠিত হয়৷
আছুৰ কাৰ্যালয় শ্বহীদ ন্যাসত অনুষ্ঠিত হোৱা বৈঠকত নে’ছৰ সভাপতি চেমুৱাল জেৰুৱা, মুখ্য সম্পাদক চীনম প্ৰকাশ আৰু মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সহ উত্তৰ পূৱৰ ৰাজ্যৰ ৮ সংগঠনৰ নেতৃত্ব উপস্থিত থাকে৷ আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ সহ আছুৰ কেইবাগৰাকী নেতা উপস্থিত থাকে বৈঠকত৷