newsnextone.com | গুৱাহাটীঃ হাতে হাত ধৰি একত্ৰিত হ’ল উত্তৰ পূৰ্বাঞ্চলৰ থলুৱা৷ উত্তৰ পূবৰ দুৱাৰ মুখত একত্ৰিত হৈ হাত হাত ধৰি সকীয়াই দি দিল্লীক ক'লে কেৱল অসমেই নহয় আমি উত্তৰ পূববাসী এক আছিলো আৰু আজিও আছো৷ আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ বন্ধ কৰা অন্যথাই আমি ুঁজিবৰ বাবে সাজু।
উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-সংগঠন সমূহৰ উমৈহতীয়া মঞ্চ নে’ছে গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰী পাৰত কেন্দ্ৰীয় চৰকাৰ লব খোজা অসম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে শনিবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ৭ ৰাজ্যৰ জাতীয় সংগঠন একত্ৰিত হৈ বিধেয়কৰ বিৰুদ্ধে যুঁজ দিয়াৰ কথা ঘোষণা কৰিয়েই আছুৰ নেতৃত্বত শনিবাৰে প্ৰতিবাদ সাব্যস্ত কৰি কেন্দ্ৰীয় চৰকাৰক অসম আৰু অসমীয়া বিৰোধী আখ্যা দিয়ে নে’ছে৷
নে’ছৰ অন্তৰ্ভুক্ত আটাইকেইটা সংগঠনৰ নেতাৰ উপস্থিতিত আৰু আছুৰ নেতা-কৰ্মীৰ উপস্থিতিত গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰি এই সংগ্ৰাম অব্যাহত থাকিব বুলি কয় নে’ছে৷ উত্তৰ পূৰ্বাঞ্চলক ধ্বংস কৰিব বিচৰা কেন্দ্ৰীয় চৰকাৰৰ কোনো কাৰ্য মানি লোৱা নহ’ব বুলি কয়৷ বিজেপি নেতৃত্বতধীন কেন্দ্ৰীয় আৰু ৰাজ্য চাৰকৰে জনমতক আওকাণ কৰি নাগৰিকত্ব সংশোধনী বিধায়ক ২০১৬ গৃহিত কৰিলে পৰিনাণ ভয়াবহ হ’ব বুলি কয় নে’ছৰ নেতা-কৰ্মীয়ে৷
অবৈধ বাংলাদেশীৰ বোজা অসম তথা উত্তৰ পূৰ্বাঞ্চলত জাপি দিয়া সিদ্ধান্তৰ বিৰুদ্ধে উত্তৰ পূৰ্বাঞ্চৰ ছাত্ৰ সংস্থা নেছ'য়ে গুৱাহাটীৰ দীঘলী পুখুৰীপাৰত একত্ৰিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পৰিণাম লাগিব লাগিব বুলি কয়৷
উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইটা সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতা কৰি বিজেপি নেতৃত্বধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি নেছ’ৰ মুখ্য উপদেষ্টা তথা আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টচাৰ্যই শীঘ্ৰে বিধেয়ক বাতিৱল কৰি অসমৰ প্ৰেমৰ নমুনা দেখুৱাবলৈ দাবী জনাই অন্যথা বিজেপিয়ে দাবী কৰি অহা অসম প্ৰেমৰ কথা ভুৱা বুলি প্ৰমাণিত হ’ব বুলি কয়৷
শীঘ্ৰে অসমীয়া জাতি ধ্বংসকাৰী বিধেয়কখন বাতিল নকৰিলে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে প্ৰতিবাদ অব্যাহত থাকিব বুলি কয় নে’ছে৷ বিজেপি চৰকাৰৰ ষড়যন্ত্ৰক মূলকভাবে জাপি দিব বিছৰা কাৰ্যৰ বিৰুদ্ধে বিধেয়কখনৰ বিৰুদ্ধে কেৱল মাত্ৰ অসমতেই নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে প্ৰতিবাদৰ জোৱাৰ আৰম্ভ হৈছে আৰু আমি এতিয়া অকলশৰীয়া নহয় বুলি আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টচাৰ্যই।
সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ জনগণ তথা দল সংগঠনে ইয়াৰে বিৰোধিতা কৰি আহিছে আৰু চৰকাৰে যদি জনমতক উপেক্ষা কৰি বিপক্ষত থিয় দিয়ে ভবিষ্যতে ইয়াৰ বিৰুদ্ধে অধিক ভয়াবহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে নে’ছে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি শনিবাৰে নে’ছে গুৱাহাটী মহানগৰীত প্ৰতিবাদ সাব্যস্ত কৰাৰ অন্তত বিজেপি নেতৃত্বই চিন্তা কৰা উচিত বুলি কয়৷
উল্লেখ্য যে, ২১ মে’ত উত্তৰ পূৰ্বাঞ্চলৰ ৭ ৰাজ্যৰ ৰাজধানীত প্ৰতিবাদ সাব্যস্ত কৰিব নে’ছে৷ একপ্ৰকাৰ নে’ছে ২১ মে’ত উত্তৰ পূব কঁপাব৷ শীঘ্ৰে নে’ছৰ এটি প্ৰতিনিধি দল দিল্লীত উপস্থিত হৈ পুনৰ দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীক সাক্ষাৎ কৰাৰ লগতে দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে৷