আহি আছে 'চানডে'- এটি বিশেষ দিন'

 | by NNO Digital Desk  |  0
Printer-friendly version

newsnextone.com | গুৱাহাটীঃ 'চানডে'- এটি বিশেষ দিন'। সপ্তাহৰ দৌৰা-দৌৰি, কাম, ব্যস্ততাৰ পিছত লাভ কৰা দেওবাৰটো নিশ্চয় আপোনাৰো প্ৰিয়। সেই এটা দিন সকলোৱে নিজৰ ব্যস্ততাক একাষৰীয়া কৰি থৈ পৰিয়াল অথৱা নিজৰ লগতে ব্যস্ত হৈ পৰাৰ অৱকাশ পায়। যাৰ বাবে দেওবাৰটো সপ্তাহটোৰ এটা বিশেষ দিন হৈ পৰে। 

পিছে আমি সপ্তাহৰ এই বিশেষ দিনটোৰ কথা কবলৈ যোৱা নাই। আমি ক'ব বিছাৰিছো অসমীয়া ছবি জগতত সংযোজিত হ'বলগীয়া এখন ভিন্ন ৰসৰ নতুন অসমীয়া কথাছবিৰ বিষয়েহে। 

জনপ্ৰিয় চিত্ৰ নাট্যকাৰ, পৰিচালক, অভিনেতা পংকজ পল্লৱ শৰ্মাৰ কাহিনী আৰু পৰিচালনাৰে নিৰ্মিত হ'বলগীয়া নতুন অসমীয়া ছবিখনৰ নাম হৈছে 'চানডে'- এটি বিশেষ দিন'। এই ছবিখনত অভিনয় কৰিব অসমৰ গাঁৱে ভূঁঞে লুকাই থকা সুপ্ত প্ৰতিভাসম্পন্ন কলা-কুশলীসকলে। 

ইতিমধ্যে প্ৰতিভাসম্পন্ন নতুন কলা-কুশলী বিচাৰি বিভিন্ন ঠাইত অ'ডিশ্যন প্ৰক্ৰিয়া আৰম্ভ কৰিছে ছবিখনৰ পৰিচালকে। 'চানডে'- এটি বিশেষ দিন' নামৰ ছবিখন দুটা ভিন্ন ভাষাত নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে ছবিখনৰ প্ৰযোজকে। ছবিখনৰ প্ৰযোজনা কৰিব ৰাজীৱ কাকতিয়ে। 

আনহাতে, ছবিখনত এগৰাকী বলীউডৰ শিল্পীয়েও অভিনয় কৰিব বুলি জানিবলৈ দিয়ে ছবিখনৰ নিৰ্মাতাই। অসমৰ কৃষ্টি সংস্কৃতিক উপস্থাপন কৰি নিৰ্মাণ কৰিবলৈ ওলোৱা ছবিখনৰ সংগীত পৰিচালনা কৰিব সংগীত শিল্পী অপূৰ্ব বেজবৰুৱাই। অসমীয়া ছবি 'চানডে'- এটি বিশেষ দিন' অসমীয়া ছবি উদ্যোগৰ বাবে বিশেষ দিন হৈ ৰ'ব বুলি আশা প্ৰকাশ কৰিছে ছবিখনৰ নিৰ্মাতা আৰু কলা-কুশলীসকলে।