গুৱাহাটীঃ ৰাজ্যৰ নতুন আৰক্ষী সঞ্চালকপ্ৰধান হিচাপে নিযুক্তি লাভ কৰিছে ভাৰতীয় আৰক্ষী সেৱাৰ দক্ষ বিষয়া কুলধৰ শইকীয়াই৷ বৰ্তমানৰ আৰক্ষী সঞ্চালকপ্ৰধান মুকেশ সাহাই ৪টা দিনৰ পিছতেই চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিব৷
মুকেশ সাহায়ৰ ঠাইত কুলধৰ শইকীয়াক আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়ে চৰকাৰে৷ চৰকাৰে কেইবাগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াৰ তালিকা সাজু কৰিছিল যদিও দক্ষ বিষয়া কবি, সাহিত্যিক, সাহিত্য অকাডেমি বঁটা বিজয়ী কুলধৰ শইকীয়াক ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান হিচাপে বাচনি কৰে৷ কুলধৰ শইকীয়াক ১৯৮৫ চনৰ বেটচৰ আইপিএছ আছিল।
ৰাজ্যখনৰ ভিতৰতে এগৰাকী থলুৱা দক্ষ আৰক্ষী বিষয়া হিচাপে সুনাম থকা কুলধৰ শইকীয়াই স্কুলীয়া কালৰ পৰাই সাহিত্য সংস্কৃতিৰ লগতো জড়িত হৈ আহিছে৷ বুধবাৰে চৰকাৰৰ গৃহ বিভাগে কৰা ঘোষণা অনুযায়ী পূৰ্ব সঞ্চালকপ্ৰধান মুকেশ সাহায়ৰ ঠাইত আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্ত হ’ব কুলধৰ শইকীয়া৷
দুবাৰকৈ ৰাষ্ট্ৰপতিৰ আৰক্ষী বঁটা লাভ কৰা কুলধৰ শইকীয়া কেৱল এজন সুদক্ষ আৰক্ষী বিষয়াই নহয়, কুলধৰ শইকীয়া সাহিত্যিক হিচাপেও সুপৰিচিত৷ সাহিত্যৰ শ্ৰেষ্ঠ সন্মান ‘সাহিত্য অকাডেমি বঁটা’ৰেও সন্মানিত হৈছে৷
১৯৯৮ চনত মুনীন বৰকটকী বঁটা আৰু ২০০০ চনত কথা বঁটা লাভ কৰিছিল। ২০১৫ চনত তেওঁৰ গল্প সংকলন ‘আকাশৰ ছবি আৰু অন্যান্য গল্প’ৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে শইকীয়াই৷ ১৯৫৯ চনত জন্মগ্ৰহণ কৰা শইকীয়াই দিল্লী স্কুল অৱ ইকোন’মিক্স, পেন্সিলভানিয়া ৰাজ্যিক বিশ্ববিদ্যালয় আদিত শিক্ষা গ্ৰহণ কৰিছিল৷
ৰাষ্ট্ৰপতিৰ পৰা দুবাৰকৈ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক লাভ কৰা বিষয়াগৰাকীয়ে অসম আৰক্ষী সমাজৰ কল্যাণৰ বাবে ‘প্ৰজেক্ট প্ৰহৰি’ নামৰ আঁচনি আৰম্ভ কৰিছিল৷
বহু চুটিগল্প লিখাৰ লগতে ইংৰাজী-অসমীয়া আলোচনী, অসমৰ পৰা প্ৰকাশিত দৈনিক-সাপ্তাহিক বাতৰি কাকতত নিয়মিত ভাবে লিখা-মেলা কৰে শইকীয়াই৷