83
ডিজিটেল ডেস্কঃ বিমুদ্ৰাকৰণৰ পিছত ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰচলন কৰা পাঁচশ আৰু দুহেজাৰ টকীয়া নোটৰ নতুন ৰূপক সকলোৱে আদৰি লোৱাৰ পিছতে এইবাৰ আদৰিবলৈ সাজু হওক নতুন এশটকীয়া নোট। প্ৰচলিত নীল-সেউজ ৰঙৰ পৰিৱৰ্তে এইবাৰ পাতল মুগাবৰণীয়া হ’ব পাৰে নতুন এশ টকীয়া নোট।
বজাৰত প্ৰচলিত নতুন পাঁচশ টকীয় নোটৰ আকাৰৰ হ’ব এই নতুন ১০০ টকীয়া নোটখন। চিকিউৰিটি পেপাৰ মিলৰ প্ৰেছ সূত্ৰ অনুযায়ী নতুন নোটখনৰ ট্ৰায়েল ইতিমধ্যে সম্পুৰ্ণ হৈছে।