অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ অভিনৱ সৃষ্টি, কৃষকৰ বাবে নিৰ্মাণ কৰি উলিয়াইছে বৈদ্যুতিক পাংখা যুক্ত জাপি

 | by NNO Correspondent  |  0
Printer-friendly version

newsnextone.com | টীয়কঃ যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰৰ অভিনৱ কাৰিকৰী সৃষ্টিয়ে সকলোৰে দৃষ্টি আকৰ্ষন কৰিবলৈ সক্ষম হৈছে। প্ৰখৰ ৰ'দত কৃষকৰ সুবিধাৰ্থে ছাত্ৰজনে নিৰ্মাণ কৰি উলিয়াইছে এটা অত্যাধুনিক জাপি।

ছাত্ৰজনৰ নাম ৰুহুল আমিন। অসম কৃষি বিশ্ববিদ্যালয়ৰ গ্ৰাম্য কৃষি কৰ্ম আঁচনিৰ অধীনত টীয়কৰ দোলাষৰিয়া গাঁৱত বৰ্তমান কৰ্মৰত ৰুহুলৰ ঘৰ বৰপেটাত। যুৱকজনে বজাৰত সহজতে উপলব্ধ এটা জাপিত তিনিখনকৈ বৈদ্যুতিক পাংখা সংযোগ কৰি পথাৰত কাম কৰি থকা অৱস্থাত কৃষকসকলক গৰমৰ পৰা কিছু সকাহ দিবলৈ চেষ্টা কৰিছে। এই বিশেষ জাপিতো বিদ্যুৎ আৰু সৌৰ শক্তি দুইটা ব্যৱস্থাৰ দ্বাৰাই চালিত হয়। বিশেষকৈ গ্ৰাম্যাঞ্চলত বিদ্যুৎৰ অভাৱৰ হেতুকে সৌৰ শক্তিৰ ব্যৱস্থাটোৱে অধিক প্ৰাধান্য পাব বুলি ৰুহুল আশাবাদী। 

কৃষকসকলে যাতে গৰমত কিছু সকাহ পাই নিজৰ কৰ্ম নিষ্ঠাৰে কৰিব পাৰে সেই উদ্দেশ্য আগত ৰাখি এনেকুৱা বিশেষ ব্যৱস্থাসম্পন্ন জাপি নিৰ্মাণ কৰিছে বুলি মন্তব্য কৰিছে ৰুহুলে।

উল্লেখযোগ্য যে ইতিমধ্যে ৰুহুলে কৃষি কৰ্মত ব্যৱহৃত ঘাহ কটা সঁজুলি,গাত খন্দা সঁজুলি নিৰ্মাণ কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। লগতে প্ৰতিৰক্ষা বিভাগৰ কেইবাজনো মুৰব্বী বিষয়াই তেওঁলোকে কৰ্তব্যৰ সময়ত পৰিধান কৰা টুপিত এই ব্যৱস্থা কৰি দিবলৈ ৰুহুলৰ লগত যোগাযোগ কৰিছে। নিজৰ পঢ়া-শুনাৰ সমান্তৰালকৈ ৰুহুলৰ এনে সৃষ্টিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।