ডিজিটেল ডেস্কঃ আপোনাৰ এণ্ড্ৰইড মেবাইলটোৰ কেতিয়াবা হঠাৎ চাৰ্জ নোহোৱা হৈ পাইছে নে? অথবা যেতিয়া আপোনাৰ প্ৰয়োজনীয় মুহূৰ্তৰ সময়ত আপোনাৰ মোবাইলটোৰ বেটাৰী খতম হয়, তেতিয়া আপোনাৰ কেনে লাগে? নিশ্চয় আপোনাৰ সেই মুহূৰ্তত যথেষ্ট খং উঠে৷
পিছে এতিয়া আৰু চিন্তা কৰাৰ আৱশ্যক নাই৷ কিয়নো এতিয়া আৰু আপোনাৰ মোবাইল অফ হৈ যোৱাৰ আশংকা নাথাকে৷ আপুনি আপোনাৰ আনন্দৰ যাত্ৰাত লগত চাৰ্জাৰ কঢ়িয়াই মোবাইল চাৰ্জিং বোৰ্ড বিচৰাৰ প্ৰয়োজন নাই৷ কিয়নো আমেৰিকাৰ এটা বিজ্ঞানীৰ দলে উদ্ভাৱন কৰিছে এনে এটা মোবাইল যাক চাৰ্জ কৰিবলৈ প্ৰয়োজন নহ’ব চাৰ্জাৰৰ৷