মঙলদৈঃ যোৱা কেবাটাও বছৰ ধৰি সংগীতৰ সাধনাত ব্যস্ত হৈ আছে এজন যুৱক৷ সংগীতৰ বাহিৰে আন একো বুজি নোপোৱা যুৱকগৰাকীয়ে সংগীতৰ জগতত নিজকে চিনাকী দিবলৈ সক্ষম হৈছে৷ সৰুৰেপৰা ঘৰত সংগীতৰ পৰিৱেশৰ মাজত ডাঙৰ দীঘল হোৱা যুৱকগৰাকীয়ে দুৰ্গা পূজাৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিবৰ বাবেও সাজু হৈছে৷
তাৰ মাজতে সংগীতৰ সাধনাত ব্ৰতি হৈ থকা যুৱকগৰাকীৰ দ্বিতীয়টো অডিঅ’ গান মুকলি কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ দুৰ্গা পূজাৰ প্ৰাকক্ষণত দৰং জিলাৰ উদিয়মান কন্ঠশিল্পী যুগল কিশোৰে উপহাৰ দিছে ‘সাগৰনীলা’ নামেৰ এটি সুন্দৰ গীত৷ প্ৰেম ভালপোৱাৰ কথাৰে “তোমাক দেখিলেই মোৰ বুকু কপি উঠে, এশ এবুৰি সপোনে কৰে হেচা-ঠেলা” শীৰ্ষক গীতটো ইতিমধ্যে মুকলি হৈছে৷