newsnextone.com | নামতিঃ অৱশেষত ৰাইজৰ দাবী মানি ললে ৰেল বিভাগে৷ ৰেল হৈছে পৃথিৱীৰ আটাইতকৈ সুচল যাতায়ত সেৱাৰ ভিতৰৰ অন্যতম এটা৷ কম ভাড়াৰ বিনিময়ত ৰেলযাত্ৰা সম্ভৱ হোৱা বাবে বহু দৰিদ্ৰ লোকেও দেশ ভ্ৰমণ আদিৰ সুবিধা লাভ কৰিব পাৰে৷
আনহাতে স্থানীয় ৰেল সমূহে মহানগৰ অঞ্চলত শ্ৰমিকৰ অভাৱো দুৰ কৰি থকা পৰিলক্ষিত হয়৷ মহানগৰীৰ নাতিদূৰৰ জিলাসমূহৰ পৰা ৰেল যোগে প্ৰতি পুৱা বহু লোক মহানগৰীলৈ আহে আৰু দিনটোৰ শ্ৰমৰ শেষত পুনৰ ৰেলেৰে গৈ নিজৰ ঘৰখনত এঘুমুটি মাৰিবলৈ পায়৷