ৱাশ্বিংটনঃ পুনৰ এবাৰ বিতৰ্কৰ সন্মুখীন হৈছে ড’নাল্ড ট্ৰাম্প প্ৰশাসন। আমেৰিকাত প্ৰৱেশৰ নিয়ম কঠোৰ কৰাৰ পৰিকল্পনা কৰিছে হোৱাইট হাউছে। নতুন সিদ্ধান্ত অনুসৰি ৪৩খন দেশৰ নাগৰিকৰ ওপৰত যাতায়ত নিষেধাজ্ঞা আৰোপ কৰা হ’ব পাৰে। ট্ৰাম্পৰ প্ৰথম পৰ্যায়ৰ নিষেধাজ্ঞাতকৈ এইবাৰ কঠোৰ হ’ব এই নিয়ম।
‘দ্য নিউয়ৰ্ক টাইমছ’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি আমেৰিকাৰ বিদেশ মন্ত্ৰালয় আৰু গৃহ নিৰাপত্তাৰ বিষয়াসকলে সন্দেহৰ আৱৰ্তত কেইবাখনো দেশক অন্তৰ্ভুক্ত কৰি এখন খচৰা তালিকা প্ৰস্তুত কৰিছে। উল্লেখ্য যে, এই তালিকাখন তিনিটা ভাগত বিভক্ত- সম্পূৰ্ণ নিষেধাজ্ঞাৰ তালিকা, কঠোৰ ভিছা নিয়ন্ত্ৰণৰ তালিকা, আৰু ৬০ দিনৰ ভিতৰত নিৰাপত্তা সম্পৰ্কীয় চৰ্ত পূৰণ কৰিবলৈ কোৱা দেশৰ তালিকা।