newsnextone.com | ডিজিটেল ডেস্কঃ চুটি ছবি হৈছে এক সংক্ষিপ্ত সময়ৰ ভিতৰত বহল অনুভৱৰ প্ৰকাশ৷ কম চৰিত্ৰ, কম সংলাপ আৰু নিৰ্দিষ্ট সময়ৰ সীমাবদ্ধতাৰ মাজত এটি কাহিনীক জীৱন্ত ৰূপ প্ৰদান কৰা কোনোপধ্যেই সৰু কথা হ’ব নোৱাৰে৷ ছুটি ছবি এখন নিৰ্মাণ কৰাটো বাহিৰৰ পৰা যিমান সহজ যেন লাগিলেও বাস্তৱতে ছুটি ছবি নিৰ্মাণ কৰাটো সহজ নহয়৷
যাৰ পৰিপ্ৰেক্ষিতত অসম, ভাৰততে হওক বা সমগ্ৰ বিশ্বতে হওক, ছুটি ছবিক এক বিশেষ মৰ্যাদা দি অহা হৈছে৷ ভাবগধুৰ, উচিত কাহিনীযুক্ত ছুটি ছবিয়ে বিভিন্ন সময়ত সমাদৰ লাভ কৰি আহিছে৷ পূৰ্বৰ তুলনাত বৰ্তমান ছুটি ছবিৰ নিৰ্মাতাৰ সংখ্যা বা পৰিচালকৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হয় যদিও এতিয়াও বিশেষকৈ অসমত সবল কাহিনী, অভিনয়, দৃশ্যপটেৰে নিৰ্মিত এখন উৎকৃষ্ট ছুটি ছবিৰ অভাৱ অনুভৱ হয়৷