কাজিৰঙাঃ গুৱাহাটীত মঙলবাৰে অসমীয়া মাধ্যমৰ জনপ্ৰিয় বৈদ্যুতিন চেনেল ‘নিউজ লাইভ’ৰ মজিয়াত শুভমুক্তি লাভ কৰে “কল্পনা তুমি” নামৰ এক গীতৰ এলবামে৷ এই ভিডিঅ এলবামটিৰ কন্ঠশিল্পী তথা অভিনয়ত আছে নিউজ লাইভৰ কাজিৰঙাৰ ব্যুৰ চিফ তথা নিয়মীয়া বাৰ্তাৰ জেষ্ঠ সাংবাদিক ৰঞ্জিত ৰজকৰ৷
গীতৰ কথা পলিমা চেতিয়া বসুমতাৰী আৰু গীতটিত সুৰ প্ৰদান কৰিছে সৌৰভ হাজৰিকাই৷ “নিউজ লাইভ”ৰ মুখ্য পৰিচালনা সম্পাদক জাহিৰ হুছেইন, কনছাল্টিং এডিটৰ ধ্ৰুৱ মহন্ত, মৌচুমী বৰা, ৰণিতা শইকীয়া, পংকজ শৰ্মা, বিকাশ শৰ্মাৰ লগতে ’নিউজ লাইভ’ৰ গুৱাহাটীৰ বহুকেইগৰাকী সাংবাদিকৰ উপস্থিতিত শুভ মুক্তি লাভ কৰে এই গীতৰ এলবামটিয়ে।