1.2K
লক্ষীমপুৰ: হাতিলুং ১৫নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা বাইপাছ সংযোগী পথচোৱাৰ দুৰৱস্থাই বহুদিনৰ পৰা জীয়াতু ভোগাইছে হাতিলুং যোৰহটীয়া বাসী ৰাইজক।
এই পথৰ দুৰৱস্থাৰ বাবে হাতিলুং যোৰহটীয়াবাসী ৰাইজে যোৱা কিছুদিনৰ আগতো পথ অৱৰোধ কৰি প্ৰতিবাদ কৰিছিল আৰু বিভাগীয় কতৃপক্ষক অৱগত কৰিছিল কিন্তু আজিলৈকে পথচোৱাৰ কোনো ব্যৱস্থা নোলোৱাত আজি হাতিলুং যোৰহটীয়া মহিলাই দিনৰ ১২বজাত পথটো অৱৰোধ কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে ।